
ডিজিটেল ডেস্ক : দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ মুৰব্বী অৰৱিন্দ কেজৰিৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুয়োখন ৰাজ্যতেই শিক্ষাখণ্ডৰ উন্নতি সম্পৰ্কে হোৱা আলোচনা নিশ্চয়কৈ সকলোৰে মনত আছে । এই আলোচনা চিৰাচৰিত বৈৰী যেন লাগিলেও ইয়াৰ পৰা বহু সুফল আশা কৰা হৈছিল । কেৱল উন্নতিৰ লক্ষ্যেৰে আগুৱাই যোৱা দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত নিজ নিজ ৰাজ্যৰ শিক্ষাখণ্ডৰ চৰম উন্নতি সাধিব বুলি আশা কৰা হৈছিল । ৰাইজে আশা কৰিছিল যে, বিৰোধী দল হ'লেও শিক্ষাখণ্ডৰ সামগ্ৰিক উন্নয়ণৰ স্বাৰ্থৎ এই উন্নত শিক্ষা ব্যৱস্থাৰ প্ৰতিযোগিতাখনৰ পৰা কোনো সুফল লাভ কৰক দুয়ো ৰাজ্যই ।
কিন্তু এতিয়া দুয়োখন ৰাজ্যৰেই অৱস্থা শোচনীয়া । সুৰা নীতি গোচৰত এতিয়া আৰক্ষীৰ জিম্মাত দিল্লীৰ শিক্ষামন্ত্ৰী । তাৰ মাজতেই ২ এপ্ৰিলত অসমলৈ অহাৰ কথা ঘোষণা কৰিলে অৰৱিন্দ কেজৰিৱালে । ৰাজ্যখনৰ শিক্ষাখণ্ড নিজে প্ৰত্যক্ষ কৰিব বিচাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । অৱশ্য একেট কাৰণতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমন্ত্ৰণ জনাইছিল কেজৰিৱালক পূৰ্বতেই ।
কিন্তু কেজৰিৱালৰ ভ্ৰমণৰ কিছু দিন পূৰ্বেই নিজৰ বিফলতা ঢাকিব নোৱাৰি হাত দাঙিল অসম মাধ্যমিক শিক্ষা পৰিষদ অথবা ছেবাই । চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ এখনৰ পাছত আনখন প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাত এতিয়া লজ্জানত ছেবা । বাৰে বাৰে পিছুৱাব লগীয়া হৈছে পৰীক্ষা । শেহতীয়াকৈ অসমীয়াৰো প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত পৰীক্ষা বাতিল হোৱাৰ ঘটনাই আকৌ নতুন মোৰ লৈছে ঘটনাৰ ।
এতিয়া কেজৰিৱাল আহিলে কি উন্নতি দেখুৱাব শিক্ষা বিভাগে ?