প্ৰশ্ন কাকত ফাদিলৰ দৌৰত নামি পৰিছে ৰাজ্যসমূহ, এইবাৰ মহাৰাষ্ট্ৰতো অনুৰূপ ঘটনা

প্ৰশ্ন কাকত ফাদিলৰ দৌৰত নামি পৰিছে ৰাজ্যসমূহ, এইবাৰ মহাৰাষ্ট্ৰতো অনুৰূপ ঘটনা

ডিজিটেল ডেস্ক : অসম মাধ্যমিক শিক্ষা পৰিষদৰ চূড়‍ান্ত বিফলতাৰ পাছত এইবাৰ প্ৰশ্ন কাকত ফাদিলৰ দৌৰত অৱতীৰ্ণ হৈছে মহাৰাষ্ট্ৰও । দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাই এতিয়া জোকাৰি গৈছে মহাৰাষ্ট্ৰক । মহাৰাষ্ট্ৰ আৰক্ষীৰ মন্তব্য অনুসৰি, এই ঘটনা সংঘটিত কৰিছে কোনো সংশ্লিষ্ট বিষয়াই ।

উল্লেখ্য যে, ৩ মাৰ্চত মহাৰাষ্ট্ৰৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকত ফাদিল হোৱা বুলি ধৰা পেলাইছিল আৰক্ষীয়ে আৰু তাৰ পাছতেই অব্যাহত ৰখা তদন্তৰ ভিত্তিতেই পোহৰলৈ আহিল ফেব্ৰুৱাৰীৰ ২৭ তাৰিখে পদাৰ্থ বিজ্ঞান আৰু মাৰ্চৰ ১ তাৰিখে ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত হোৱাটছএপ যোগে ফাদিল হৈছিল । একেই দাবী কৰে দেশৰ তদন্তকাৰী সংস্থায়ো যে, এখনতকৈ অধিক প্ৰশ্ন কাকত ফাদিল হোৱাৰ তথ্য লাভ কৰিছিল সংস্থাটোৱে ।

স্মৰ্তব্য যে, একেই ৰোগত ভুগিছে অসম । এখনৰ পাছত আনখনকৈ প্ৰশ্নকাকত ফাদিল হৈছে মেট্ৰিক পৰীক্ষাৰ । এতিয়া প্ৰশ্ন কাকত ফাদিলৰ দৌৰত কোন প্ৰথম হয় সেইয়া হে হ'ব লক্ষণীয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in