বাল্টি-কলহ বজাই প্ৰতিবাদ কাজিৰঙাৰ পিলখানাৰ একাংশ মহিলাৰ

 বাল্টি-কলহ বজাই প্ৰতিবাদ কাজিৰঙাৰ পিলখানাৰ একাংশ মহিলাৰ

ডিজিটেল সংবাদ, কাজিৰঙাঃ আমাক পানী লাগিবই - দীৰ্ঘ দিন ধৰি পানী যোগান বন্ধ হৈ থকাত বাল্টি কলহ বজাই প্ৰতিবাদ কাজিৰঙাৰ পিলখানাৰ একাংশ মহিলাৰ ৷ মহিলা সকলৰ অভিযোগ প্ৰায় ১২ দিন ধৰি এলেকাটোত বন্ধ হৈ আছে পানী যোগান ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত কহঁৰা পানী যোগান প্ৰকল্পটো বিকল হৈ পৰাৰ বাবে বন্ধ হৈ পৰে পানী যোগান ৷ ৰাইজৰ অভিযোগ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ যোগেদি বোকাখাতৰ জনস্বাস্থ্য কাৰিকৰী বিভাগক এই বিষয়ে অবগত কৰাৰ পাছতো মেৰামতিৰ ব্যৱস্থা ন’ললে বিভাগটোয়ে ৷

যাৰ ফলত বিহুৰ সময়ত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে স্থানীয় ৰাইজ ৷ তাৰপাছতো কাণসাৰ নাই সংশ্লিষ্ট বিভাগটোৰ ৷ উপায়হীন লোক সকলে খোৱা ধোৱা সকলো কামতে ব্যৱহাৰ কৰিব লগিয়া হৈছে নদীৰ প্ৰদূষিত পানী ৷ এনে পৰিস্থিতিত চৰকাৰৰ প্ৰতি সকলোৰে দাবী অতি সোনকালে চৰকাৰে পানী যোগান ব্যৱস্থা নিয়মীয়া কৰি ৰাইজক বিপদ মুক্ত কৰক ৷

 বাল্টি-কলহ বজাই প্ৰতিবাদ কাজিৰঙাৰ পিলখানাৰ একাংশ মহিলাৰ
ৰাম মন্দিৰৰ উদ্বোধনৰ পূৰ্বে অযোধ্যাত OYO ই খুলিলে ৬৫ খন হোটেল, জানক কিমান হ'ব ৰুমৰ ভাড়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in