কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৰ্গম এলেকাৰ বাবে টয়টাৰ বিশেষ বাহন

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

author-image
Asomiya Pratidin
New Update
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৰ্গম এলেকাৰ বাবে টয়টাৰ বিশেষ বাহন

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাত টয়টা HILUX ৰ চালকৰ আসনত মুখ্যমন্ত্ৰী ৷ টয়টা কোম্পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়োৱা এখন টয়টা HILUX গাড়ী সোমবাৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

আকৰ্ষণীয় গাড়ীখন ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক অৰ্পণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই চলাই চালে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ কৰ্তব্যত ব্যৱহাৰ কৰাৰ বাবে টয়টাই আগবঢ়োৱা গাড়ীখনৰ সন্দৰ্ভত চিফ ৱাইল্ডলাইফ ৱাৰ্ডেন এম কে যাদৱে প্ৰকাশ কৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্য সমাপনৰ বাবে গাড়ীখন মডিফাইড কৰি নিৰ্মান কৰা হৈছে ৷ যাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ দুৰ্গম এলেকাতো গাড়ীখনেৰে কৰ্তব্য পালন কৰিব পাৰে ৷

প্ৰথম ৩মাহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গাড়ীখনৰ পৰীক্ষা-নিৰীক্ষা কৰি ৰাজ্যৰ আন ৰাষ্ট্ৰীয় উদ্যানতো পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব ৷ ইয়াৰ পিচত বন বিভাগে বিচৰা ধৰণেৰে খুটি-নাটি আঁতৰাই গাড়ীখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক পুনৰ অৰ্পণ কৰিব টয়টা কোম্পানীয়ে ৷

Also Read: হেঙেৰাবাৰীত চাঞ্চল্যকৰ ঘটনা : পত্নী-সন্তানক শয়ন কক্ষত তলা মাৰি ৰান্ধনিশালত আত্মহত্যা স্বামীৰ

kaziranga national park himanta biswa sarma Toyota