দেশ কঁপাই যোৱা AMCH হত্যাকাণ্ডঃ ছাত্ৰী হত্যাৰ অভিযুক্ত চিকিৎসকে পাবনে শাস্তি?

দেশ কঁপাই গৈছিল এ এম চি এইচত সংঘটিত হত্যাকাণ্ডই। সৰিতা টাচনিৱাল হত্যাকাণ্ডৰ সম্পূৰ্ণ ৯ বছৰ।

author-image
Asomiya Pratidin
New Update
দেশ কঁপাই যোৱা AMCH হত্যাকাণ্ডঃ ছাত্ৰী হত্যাৰ অভিযুক্ত চিকিৎসকে পাবনে শাস্তি?

ডিজিটেল ডেস্কঃ দেশ কঁপাই গৈছিল এ এম চি এইচত সংঘটিত হত্যাকাণ্ডই। সৰিতা টাচনিৱাল হত্যাকাণ্ডৰ সম্পূৰ্ণ ৯ বছৰ। ৯ বছৰে চলি থকা এই গোচৰৰ শুকুৰবাৰে ৰায়দানৰ সম্ভাৱনা। এই গোচৰত অভিযুক্ত দুজন আছিল ডাঃ দীপামণি শইকীয়া, কিৰ মেচ।

Advertisment

২০১৪ চনৰ ১০ মে’ত সংঘটিত হৈছিল এক ভয়ংকৰ হত্যাকাণ্ড। চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ বৰ্ষৰ এজন শিক্ষাৰ্থীক আইচিউত মৃত অৱস্থাত পোৱা গৈছিল। এই হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৱাৰ্ড বয়।

সৰিতা টানচিৱাৰ মৃতদেহটো এখন কম্বলেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল। তেওঁৰ ডিঙিৰ বাওঁফালে এটা ডিচপোজেবল অস্ত্ৰোপচাৰৰ চুৰি লাগি থকা অৱস্থাত পোৱা গৈছিল।

সেই সময়ত এএমচিএইচ কৰ্তৃপক্ষই জনাইছিল যে নিশা কৰ্তব্য সামৰাৰ পাছত আইচিইউৰ চিকিৎসকৰ কোঠালৈ গৈ অৱসৰ লৈছিল।

এই হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৱাৰ্ড বয় কিৰ মেচ। উক্ত দিনটোত তেওঁ কৰ্তব্যত আছিল আৰু মুখত আঘাতৰ চিন আছিল। যি আঘাত ভুক্তভোগীৰ নখৰ পৰা হৈছিল। পৰৱৰ্তী সময়ত কিৰ মেছে হত্যাৰ কথা স্বীকাৰ কৰিছিল।

সৰিতা শিৱসাগৰৰ আছিল আৰু তেওঁৰ পিতৃৰ কাপোৰৰ দোকান আছিল।

ঘটনাৰ কিছুদিন পাছতেই হত্যাৰ অভিযোগত ডাঃ দীপামণি শইকীয়া গ্ৰেপ্তাৰ হৈছিল। আৰক্ষীয়ে জনাইছিল যে তেওঁ বহুদিন আগতে হত্যাৰ পৰিকল্পনা কৰিছিল। দীপামণি সৰিতাৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগত একেলগে কৰ্তব্য পালন কৰিছিল আৰু জ্যেষ্ঠ আছিল।

দীপামনি আৰু সৰিতাৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছিল। কিন্তু পৰৱৰ্তী সময়ত সৰিতাই দীপামণিক এৰি চলিছিল। যাৰ বাবে হত্যাৰ পৰিকল্পনা কৰিছিল দীপামণিয়ে। আনহাতে কিৰ মেছত তেওঁ বিভিন্ন লালসা দিছিল যাৰ বাবে হত্যাকাণ্ডত লগ দিছিল।

এই হত্যাকাণ্ডৰে আজি ৰায়দান হ'ব আদালতত।

Also Read: মোকাঃ প্ৰতি ঘন্টাত ১৭৫ কিলোমিটাৰ! উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱণা...

Assam police