/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c35dd575-75ec-4c00-89d6-04ee481d4868/sfff.jpg)
ডিজিটেল ডেস্কঃ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে 'কাজিৰঙা- দ্যা ক্ৰেডেল অফ বায়ডাইভাৰ্চিটি'। সংবাদ মেল সম্বোধনৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কিতাপখন উন্মোচন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/571551a3-d7a1-4909-8491-cd7bebd0c5bf/771d5def_75cf_4d83_913e_1220e7685b12.jpg)
কাজিৰঙা- দ্যা ক্ৰেডেল অফ বায়ডাইভাৰ্চিটি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ আনুষ্ঠানিক কফি টেবল বুক। কাজিৰঙাৰ জৈৱ বৈচিত্ৰৰ বিষয়ে এই কিতাপখনত উল্লেখ আছে।
এই কিতাপখনত ভাৰতৰ ৬৮ গৰাকী বন্যপ্ৰাণী ফটোগ্ৰাফাৰৰ ২৬০ খনতকৈও অধিক আলোকচিত্ৰৰ সামৰি তৈয়াৰ কৰা এখন কিতাপ। এই কিতাপখনত পেছাদাৰী আৰু অপেছাদাৰী।
ইয়াৰোপৰি কিতাপখনত ৫ টা অধ্যায়, ২৭২ টা পৃষ্ঠা,৫ খন পেইন্টিং, এখন মেপ আদি আছে। ছবিবোৰে পঢ়ুৱৈসকলক আকৰ্ষণ কৰিব পৰাকৈ সজাই তোলা হৈছে। কিতাপখনেই কাজিৰঙাৰ মনোমোহা দৃশ্যৰ আভাস দিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2c4bd023-78cc-4171-9d08-ed0c2c2ce3bf/a679828b_aace_42e5_8f0b_5f774b2fc53a.jpg)
কিতাপখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ ক্ষেত্ৰ সঞ্চালকে প্ৰকাশ কৰিছে। বন বিষয়াসকলৰ দল, আৰু সম্পাদকসকলৰ নেতৃত্বত বিশেষজ্ঞ,অৰুণ ভিগনেশ চি এছ, শ্ৰী ৰবীন্দ্ৰ শৰ্মা, ড০ স্মৰজিৎ ওজাহ আৰু ড০ ৰাজীৱ বসুমতাৰীয়ে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত এই কিতাপখনৰ কাম একেলগে কৰিছে।
Also Read: বাইক আৰোহীৰ চোকা অস্ত্ৰৰ আক্ৰমণত নিহত চিআৰপিএফ জোৱান