বাইক আৰোহীৰ চোকা অস্ত্ৰৰ আক্ৰমণত নিহত চিআৰপিএফ জোৱান

 বাইক আৰোহীৰ চোকা অস্ত্ৰৰ আক্ৰমণত নিহত চিআৰপিএফ জোৱান

ডিজিটেল সংবাদ, তিনিচুকীয়া:- তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী বৰডুমচাত বুধবাৰে দুই বাইক আৰোহীৰ চোকা অস্ত্ৰৰ আক্ৰমণত এগৰাকী চিআৰপিএফ জোৱান নিহত হয় । ইয়াকে কেন্দ্ৰ কৰি সীমান্তৱৰ্তী অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে।

জানিব পৰা মতে বৰডুমচাৰ চিআৰপিএফ কেম্পৰ জোৱান সুনীল কুমাৰ পাণ্ডেই অসামৰিক পোচাকত জন্মাষ্টমীৰ বজাৰ কৰিবলৈ বুলি আজি সন্ধিয়া বৰডুমচাৰ মাধৱপুৰলৈ ওলাই আহোতে কিবা কাৰণত দুই বাইক আৰোহীৰে সংঘাত হয় । সিমানতে ক্ষুদ্ধ হৈ এজন বাইক আৰোহীয়ে লগত অনা চোকা অস্ত্ৰৰে জোৱানজনক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা উধাও হয় ।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জোৱানজনক স্থানীয়লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও আদবাটতে মৃত্যু হয় জোৱানজনৰ ৷ প্ৰত্যক্ষদৰ্শীয়ে সদৰি কৰা মতে যুৱকদুজন অৰুণাচলী আছিল আৰু তেওঁলোকৰ হাতে হাতে চোকা অস্ত্ৰ আছিল । ঘটনা সন্দৰ্ভত বৰডুমচা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰ্যন্ত দুই দুৰ্বৃত্তৰ সন্ধান পোৱা নাই । ইফালে জোৱানজনৰ হত্যাকাণ্ডত বৰডুমচা চিআৰপিএফ কেম্পৰ সতীৰ্থ জোৱানসকল খঙত টিঙিৰতোলা হৈ পৰিছে । জোৱানজনৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে ।

 বাইক আৰোহীৰ চোকা অস্ত্ৰৰ আক্ৰমণত নিহত চিআৰপিএফ জোৱান
বৰডিৰাকৰ পথ দুৰ্ঘটনা: কাৰ গাফিলতিত ৭ জনকৈ খাটিখোৱা নিৰীহ লোকে সাৱটি ল'লে অকাল মৃত্যুক ?

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in