কাৰ্বি আংলঙৰ ভূমি সংৰক্ষণ বিভাগৰ ভূমি দখলত নামিছে একাংশ দুষ্টচক্ৰ, প্ৰকাণ্ড গছ কাটি তহিলং কৰিছে...

কাজিৰঙাৰ কহঁৰাত থকা কাৰ্বি আংলঙৰ ভূমি সংৰক্ষণ বিভাগৰ ভূমি দখলত নামিছে একাংশ দুষ্টচক্ৰ

author-image
Asomiya Pratidin
New Update
কাৰ্বি আংলঙৰ ভূমি সংৰক্ষণ বিভাগৰ ভূমি দখলত নামিছে একাংশ দুষ্টচক্ৰ, প্ৰকাণ্ড গছ কাটি তহিলং কৰিছে...

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ কহঁৰাত থকা কাৰ্বি আংলঙৰ ভূমি সংৰক্ষণ বিভাগৰ ভূমি দখলত নামিছে একাংশ দুষ্টচক্ৰ।ভূমি সংৰক্ষণ বিভাগৰ হেমাহী আৰু কাৰ্বি আংলঙ ৰাজহ বিভাগৰ গুৰুত্বহীনতাৰ বাবেই কহঁৰাত থকা ভূমি সংৰক্ষণ বিভাগৰ ভূমিৰ আজিলৈ নহ'ল কোনো জৰীপ।

নহ'ল নিৰ্দিষ্টকৈ সীমাৰ নিৰ্ধাৰণ‌।ফলত ইয়াৰ সুযোগ লৈ এটা চক্ৰই বিভাগটোৰ ভূমি দখল কৰাই নহয়, সেই ভূমিত থকা প্ৰকাণ্ড গছ কাটি এক প্ৰকাৰ তহিলং কৰিছে।এই ক্ষেত্ৰত যেন নিৰ্বিকাৰ কাৰ্বি আংলঙ বন বিভাগ।

বাৰে বাৰে ভূমি সংৰক্ষণ বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰি অহা হৈছে যদিও বিভাগটোৰ কহঁৰাত থকা বিষয়াই ৰাজহ বিভাগলৈহে দোষ ঠেলা দেখা গৈছে।কিয় ভূমি সংৰক্ষণৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগৰ ভূমিৰ আজিলৈ জৰীপ হৈ সীমা নিৰ্ধাৰণ নহ'ল তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ।জৰীপ কৰিলেই একাংশৰ সান্দহ খোৱা বালি তল যাব নেকি? তাকে লৈয়ো যেন প্ৰশ্নৰ অৱতাৰণা হৈছে।

Also Read: ভাল খবৰঃ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ বাবে ১৫ টা ভাষাত অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা...

kaziranga national park