মুখ্যমন্ত্ৰী আহিব, নিশা পথ মেৰামতিত ব্যস্ত লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী...

মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকমুহূৰ্তত গা লৰিল বিয়াগোম লোকনিৰ্মাণ বিভাগৰ। নিশা শিল-বালিৰে প্ৰকাণ্ড গাত মেৰামতিত নামিল লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰী।

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰী আহিব, নিশা পথ মেৰামতিত ব্যস্ত লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী...

ডিজিটেল সংবাদ, কাজিৰঙাছঃ মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকমুহূৰ্তত গা লৰিল বিয়াগোম লোকনিৰ্মাণ বিভাগৰ। নিশা শিল-বালিৰে প্ৰকাণ্ড গাত মেৰামতিত নামিল লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰী।

Advertisment

বিষয়াৰ অকপট স্বীকাৰোক্তি, মুখ্যমন্ত্ৰীৰ আগমনৰ বাবেহে ততাতৈয়াকৈ মেৰামতি কৰা হৈছে বিধ্বস্ত হৈ পৰা কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ইপিনে প্ৰয়োজনীয় পুঁজিৰ অভাৱত দীৰ্ঘদিনে পথচোৱা মেৰামতি কৰিব পৰা নাই বুলিও স্বীকাৰ কৰিলে লোকনিৰ্মাণ বিভাগৰ বিষয়াই।

উল্লেখ্যে যে দীৰ্ঘদিনে নুমলীগড়ৰ পৰা কলিয়াবৰলৈ বিধ্বস্ত হৈ পৰা পথচোৱা মেৰামতিৰ বাবে স্থানীয় ৰাইজ তথা দল-সংগঠনে দাবী জনাই আহিছিল যদিও তাৰ ওপৰত গুৰত্ব প্ৰদান কৰা নাছিল বিভাগটোৱে।জৰাজীৰ্ণ পথটোত বহুকেইটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে বহুকেইজন লোকে প্ৰাণ হেৰুৱাবলগীযা হৈছিল।

যাৰ বাবে কাজিৰঙাত দল সংগঠনে নেদেখাজনৰ ওচৰত যাত্ৰীসকলৰ মংগল কামনাৰে প্ৰাথৰ্না জনাইছিল।কিন্তু তাৰ পিছতো গা লৰা নাছিল অকৰ্মণ্য বিভাগটোৰ।কিন্তু মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকমুহূৰ্তত নিশাও ৰাজপথ মেৰামতত ব্যস্ত লোকনিৰ্মাণ বিভাগৰ শ্ৰমিক কৰ্মচাৰী।

উল্লেখ্য যে, সোমবাৰে বোকাখাতৰ বৰজুৰিলৈ আহিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ কাৰ্য্যসুচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী গৰাকী ৷

Also Read: আজিৰে পৰা কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা

himanta biswa sarma