আজিৰে পৰা কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা

এ ডিভিজনৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলত জখলাবন্ধাৰ ফ্ৰেণ্ডশ্বীপ ক্লাৱে বেঙেনাআটিৰ জাংচাৰ আফাট দলক ৪-২ গলৰ ব‍্যৱধানত পৰাস্ত কৰে।

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃ ক্লাৱ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। কলিয়াবৰৰ নাগশঙ্কৰস্থিত ডা: টি. আও ষ্টেডিয়ামত দেওবাৰে বিয়লি অনুষ্ঠিত হোৱা এ ডিভিজনৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলত জখলাবন্ধাৰ ফ্ৰেণ্ডশ্বীপ ক্লাৱে বেঙেনাআটিৰ জাংচাৰ আফাট দলক ৪-২ গলৰ ব‍্যৱধানত পৰাস্ত কৰে।

Advertisment

ফ্ৰেণ্ডশ্বীপ ক্লাৱৰ ঈলিয়াছ দদ্ৰাই হেট্ৰিক কৰা লগতে আনটো গল দিয়ে আৰিশ টিক্কাই। জাংচাৰ আফাট দলৰ হৈ গ'ল দুটা দিয়ে ক্ৰমে সুৰজ বসুমতাৰী আৰু প্ৰীতম বসুমতাৰীয়ে। মধ‍্যান্তৰলৈকে ফ্ৰেণ্ডশ্বীপ ক্লাৱ ২-১ গ'লত আগবাঢ়ি আছিল।

আজি উদ্বোধনী অনুষ্ঠানত কলিয়াবৰ ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ কাৰ্য‍্যকৰী সভাপতি ৰবীন ভূঞাই। ফুটবল প্ৰতিযোগিতাৰ এ, বি আৰু চি ডিভিজন স্তৰত অংশ লোৱা ২৬ টা দলৰ পতাকা উত্তোলন কৰে দলৰ প্ৰতিনিধিয়ে। প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শিলঘাট অশোকাষ্টমী মেলা সমিতিৰ সভাপতি তথা সমাজকৰ্মী ধৰ্ম বৰাই।

উদ্বোধনী অনুষ্ঠানত কলিয়াবৰৰ বিশিষ্ট ক্ৰীড়াপ্ৰেমী আৰু গণ‍্যমান‍্য ব‍্যক্তি উপস্থিত থাকে। আজিৰ উদ্ধোধনী অনুষ্ঠানতে কলিয়াবৰৰ প্ৰতিভাৱান ছোৱালী ফুটবলাৰ ভূপালত অনুষ্ঠিত হোৱা ৬৬ সংখ‍্যক অনুৰ্দ্ধ ৰাষ্ট্ৰীয় স্কুল গেম্‌চৰ অসমৰ ফুটবল দলৰ হৈ হৈ প্ৰতিনিধিত্ব কৰা জুচিলা ম'মিনৰ লগতে ছোৱালী ফুটবল প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়।

উল্লেখযোগ‍্য যে, প্ৰতিযোগিতাখনত এ ডিভিজনত ৬টা, বি ৮টা আৰু চি ডিভিজনত ১২টা দলে মুঠ ২৬টা দলে অংশগ্ৰহণ কৰিছে। অহা ৩ চেপ্তেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা তিনিওটা ডিভিজনৰ চুড়ান্ত খেল অনুষ্ঠিত হ'ব। কাইলৈ এ ডিভিজনৰ উদয় ক্লাৱ, শামুঠীয়া চাহ বাগিচা আৰু মৰ্নিং ষ্টাৰ ক্লাৱৰ মাজত অনুষ্ঠিত হ'ব।

Also Read: যদি ভাল বন্ধু আছে, তেন্তে আপুনি সৌভাগ্য়বান...

football