
ডিজিটেল সংবাদ, কাজিৰঙাঃ দেওবাৰে সন্ধিয়া ৭ মান বজাত কাজিৰঙাৰ কহঁৰাৰ বগৰীজুৰিত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয় ৷ যোৰহাট অভিমুখী এখন ৰখাই থোৱা ট্ৰাকৰ পিছপিনে AS 05U 0292 নম্বৰৰ মটৰ চাইকেলেৰে অহা কাজিৰঙাৰ গেলেকীৰ জিণ্টু ওৰাং (২৭) যুৱকজনে খুন্দা মাৰে ৷
কহঁৰা আৰক্ষী চকীৰ অন্তৰ্গত ড্ৰীমলেণ্ড ধাবাৰ সন্মুখত সংঘটিত দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় যুৱকজনৰ৷ যুৱকজনৰ অকাল বিয়োগ বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷
ইপিনে পথৰ দুৰৱস্থা তথা একাংশ যান-বাহনে নিয়ম নীতি পালন নকৰাৰ ফলত মৃত্যুদুতত পৰিণত হৈছে কাজিৰঙাৰ ৰাজপথ ৷ আনহাতে হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলোৱাৰ বাবেও বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ থকাৰ পাছতো আৰক্ষীয়ে এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷