/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/a743e3f9-49da-4e6b-bcbd-64b6202282a2/ecf.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ মৰিসুতিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। গৰ্ভৱতী পত্নীক হানি খুচী হত্যা কৰিলে স্বামীয়ে ৷ দেওবাৰে সংঘটিত হয় এই ঘটনা।
মজিদা বেগম (২৪)নামৰ এটি পাঁচ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ গৰাকী মৰিসুতিৰ পিতৃগৃহত আছিল। আজি বিয়লি তেওঁৰ স্বামী ইটাখোলা ন’ নম্বৰৰ দিলোৱাৰ হুছেইন শহুৰেকৰ ঘৰত উপস্থিত হৈ চোকা অস্ত্ৰৰে হানি খুচি পত্নীক হত্যা কৰি বাইক লৈ পলায়ন কৰে ৷
মাতৃৰ অসুস্থতাৰ বাবেই মজিদা পিতৃ গৃহত আছিল। শুই থকা অৱস্থাতে স্বামী দিলোৱাৰ হুছেইনে নৃশংসভাৱে হত্যা কৰে গৰ্ভৱতী পত্নী মজিদা বেগমক৷
স্থানীয় ৰাইজে ততাতোয়াকৈ সংকটজনক অৱস্থাত মহিলা গৰাকীক উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়লৈ আনে যদিও অৱস্থা অতি গুৰুতৰ দেখি চিকিৎসকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ তেজপুৰৰ চিকৎসকে পৰীক্ষা কৰি মজিদা বেগমক মৃত বুলি ঘোষণা কৰে ৷
ইফালে জামুগুৰি আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত পলাতক হত্যাকাৰী স্বামী দিলোৱাৰ হুছেইনক আটক কৰিবলৈ সক্ষম হয়৷ আনহাতে সন্ধিয়া মৰিসুতি অঞ্চলৰ কেইবা শতাধিক পুৰুষ মহিলাই জামুগুৰি আৰক্ষী থানা ঘেৰাও কৰি উত্তপ্ত পৰিবেশ সৃষ্টি কৰে৷ হত্যাকাৰীক ফাঁচিৰ দাবীত উত্তাল জামুগুৰি আৰক্ষী থানা চৌহদ৷
Also Read: টঙনাগাঁও চাহ বাগিচাৰ ফেক্টৰিত হাত কটা গ'ল শ্রমিকৰ