কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ মধ্যকালীন অধিৱেশনৰ প্ৰস্তুতি

কাজিৰঙা বঁটা ২০২৩-২৪ মুকলি
কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ মধ্যকালীন অধিৱেশনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাৰ বন আৰু জনৰ সমান্তৰালকৈ কাষৰীয়া বিভিন্ন এলেকাৰ দুখ-দুৰ্দশা, অভাৱ-সমস্যা, সফলতা-সংৰক্ষণ, সাহিত্য-সংস্কৃতি আদি সম্বন্ধীয় বিভিন্ন বিষয় আমি বিভিন্ন সময়ত তুলি ধৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাই ৷ কাজিৰঙাৰ পৰা সংবাদ সেৱা আগবঢ়াই থকা কাজিৰঙাৰ সাংবাদিকৰ একত্ৰ সংগঠন কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই ইতিমধ্যে বহু কেইটা বসন্ত অতিক্ৰম কৰিছে ৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ অন্তৰ্ভুক্ত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই মধ্যকালীন অধিৱেশনখনি অনুষ্ঠিত কৰিবলৈ ইতিমধ্যেই যো-জা চলাইছে ৷

অহা ৫ মাৰ্চ, ২০২৩ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা এই অধিৱেশনখনিৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে মুকলি সভা ৷ পুৱা ৯ বজাৰ পৰা আৰম্ভ হবলগীয়া অনুষ্ঠানৰ পতাকা উত্তোলন কৰিব সন্থাৰ সভাপতি নীলপদ্ম শৰ্মাই ৷ স্মৃতি তৰ্পণৰ দায়িত্ব পালন কৰিব সন্থাৰ সম্পাদক ৰঞ্জিত ৰজকে ৷ ইয়াৰ পাছতে বন্তি প্ৰজ্বলন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক যতীন শৰ্মাই, সহযোগ কৰিব কাজিৰঙা চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰিপ্ৰসন্ন ডেকা বৰুৱা,ভূমি সংৰক্ষণ বিভাগৰ সংমণ্ডল বিষয়া দিব্যজ্যোতি দলে,অসম পৰ্যটন বিভাগৰ উপ সঞ্চালক বাথৌ খুংগুৰ বড়োৱে ৷

ইয়াৰ লগে লগে মুকলি সভাৰ মঞ্চ উদ্বোধন কৰিব অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি শ্ৰীযুত জিতু শৰ্মা ৰাজখোৱাই ৷ “সংবাদ মাধ্যমৰ সমসাময়িক ধাৰা আৰু গণমুখী জনসংযোগত ইয়াৰ ভৱিষ্যত” বিষয়ৰ ওপৰত হ'বলগীয়া মুকলি সভাৰ আদৰণি ভাষণ আগবঢ়াব কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহায় ৷

মুকলি সভাৰ মুখ্য বক্তা জে ডি এছ জি মহাবিদ্যালয়, বোকাখাতৰ অধ্যাপক ড° জয়ন্ত দাস আৰু আকাশবাণী গুৱাহাটীৰ প্ৰচাৰণ কাৰ্যবাহী ঋতুপৰ্ণ দাসে ৷ইয়াৰ পাছতেই “কাজিৰঙা বঁটা ২০২৩-২৪” মুকলি অনুষ্ঠান ৷ অনুষ্ঠান মুকলি কৰিব অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ ডেকাই ৷ একেটা অনুষ্ঠানতে শ্ৰদ্ধাৰ জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক পেঞ্চনাৰ, জননী বাৰ্তা কাকতৰ মুখ্য সম্পাদক শ্ৰীযুত মাখন লাল বাঢ়ৈক কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব সম্বৰ্ধনা ৷ উক্ত অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা আৰু কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ৷

কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ মধ্যকালীন অধিৱেশনৰ প্ৰস্তুতি
জাতিক লৈ ৰেগিং, আত্মহত্যাৰ চেষ্টা, পাছত মৃত্যু চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in