/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c8cbc4b7-fed7-42a4-bf79-ee216ad1ec19/kaziranga.jpg)
cডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত ফুলিছে এক বিৰল প্ৰজাতিৰ অৰ্কিড ৷ ২০১৮ চনত দুস্প্ৰাপ্য অৰ্কিডৰ প্ৰজাতিটো ভাৰতত পোৱা গৈছে বুলি গৱেষণা পত্ৰত প্ৰকাশ পাইছিল ।
ইয়াৰ পাছতে অসমত পোন প্ৰথমবাৰৰ বাবে Bulbophyllum Macraei নামৰ ফুলপাহ ফুলিছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত ৷ উল্লেখ্য যে ইতিমধ্যে কাজিৰঙাত শেষ হৈছে পৰ্যটনবৰ্ষ। ইয়াৰ মাজতে উদ্যানখনত ফুলি উঠিছে বহু দুস্প্ৰাপ্য অৰ্কিড ৷
অসমৰ ভিন্ন প্ৰান্তৰ পৰ্যটকে উপভোগ কৰিছে ফুলপাহৰ সৌন্দৰ্য্য ৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিছু অংশ এতিয়া বানৰ কবলতো পৰিছে। বানৰ লগত মোকাবিলা কৰিবলৈ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰি আছে বিভাগীয় কৰ্তৃপক্ষই।
Also Read: যুৱতীসহ ৪ ড্ৰাগছ সৰবৰাহকাৰী আটক...