/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ce7ab5c5-c401-4097-8142-963c50a1c606/ky.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ সমষ্টি উন্নয়নত সম্পূৰ্ণ ব্যৰ্থ বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা ৷ৰাইজে গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰা পথেৰে লৃগাঙৰ সময়ত গাহৰি মাংস আৰু মদৰ সোৱাদ ল'বলৈহে আহে বিধায়কগৰাকী ৷একাঁঠু বোকাৰে সাতশ পৰিয়ালে খোজকাঢ়ি যোৱাটোৱেই বোকাখাত সমষ্টিৰ উন্নয়নৰ প্ৰকৃত ছবি ৷
উল্লেখ্য এটা পথৰ বাবে বহুবাৰ আৱেদন নিবেদন কৰিও বিফল হৈছে কাজিৰঙাৰ এখন গাওঁৰ ৰাইজ ৷ সাতশ পৰিয়ালৰ বসতিপ্ৰধান গাওঁখনৰ ৰাইজক বিধায়কে আশ্বাস দিয়েই দায়িত্ব সামৰাৰ অভিযোগ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই সমীপৰ বৰবিল শিলডুবি মিছিং গাওঁত বসবাস কৰা প্ৰায় সাতশ পৰিয়ালৰ যাতায়তৰ মূল পথছোৱাত মাত্ৰ এজাক সৰু বৰষুণ দিলেই বিদ্যালয়লৈ শিক্ষাৰ্থী যাৱ নোৱাৰে ৷ সমান্তৰালকৈ গাওঁখনলৈ সোমাব নোৱাৰে এম্বুলেঞ্চ ৷
ৰোগীক ঠেলা অথবা কান্ধত তুলি প্ৰায় তিনি কিলোমিটাৰ পথ অতিক্ৰম কৰি লৈ যাব লাগে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ৷তদুপৰি বানৰ সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় গাওঁখনৰ ৰাইজৰ ৷ কিয়নো অত্যন্ত দ অঞ্চলত বাস কৰা ৰাইজক বানপানীয়ে জুৰুলা কৰি যায় ৷বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই প্ৰতিটো নিৰ্বাচনৰ প্ৰাকখনত গাওঁখনলৈ আহি প্ৰতিশ্ৰতি দিয়ে যে এইবাৰ বিধায়ক হ'লেই প্ৰথমে এই পথছোৱা নিৰ্মাণ কৰিব,আগন্তুক বানত ৰাইজে এটা পথ পাব ৷ কিন্তু বিধায়কৰ শপত লোৱা বহু দিন উকলি যোৱাৰ পাছতো এটা শিলও নপৰিল পথটিত ৷
সমষ্টিটোৰ ভিতৰত সকলোতকৈ দুৰ্ভগীয়া গাওঁ হিছাপে নিজৰ গাওঁখনক আখ্যা দিছে গাওঁখনৰ ৰাইজে ৷ ৰাইজৰ অভিযোগ জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰে এতিয়া জাতি টোক পিঠি দিছে। পাইপ স্থাপনৰ পাছতো আজিকোপতি ৭০০ পৰিয়ালে নাপালে জলজীৱনৰ পানী ৷অতুল বৰাই প্ৰতিশ্ৰুতি পুৰণ কৰক অন্যথা বিকল্প ব্যৱস্থাৰ লোৱাৰ হুংকাৰ ৷
বাৰিষাৰ পৰিবৰ্তে খৰালি ৰাইজে নিজে নিৰ্মাণ কৰি লোৱা পথেৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে অতুল বৰা৷ লৃগাংৰ সময়ত গাহৰি মাংস আৰু মদৰ সোৱাদ ল'বলৈহে আহে বিধায়কগৰাকী ৷একাঠু বোকাৰে খোজকাঢ়ি যোৱাটোকহে উন্নয়ন বুলি কয় ৷ এইয়াই উন্নয়নৰ প্ৰকৃত ছবি ৷
Also Read: বজৰং দলৰ বিৰুদ্ধে "ৰাইজৰ দল"ৰ ঢকুৱাখনা থানাত গোচৰ