বজৰং দলৰ বিৰুদ্ধে "ৰাইজৰ দল"ৰ ঢকুৱাখনা থানাত গোচৰ

ৰাষ্ট্ৰীয় অখণ্ডতা আৰু সৰ্বভৌমত্বলৈ প্ৰচণ্ড ভাবুকি মাতি যুৱ প্ৰজন্মক হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিবলৈ উৎসাহিত কৰা বজৰং দলৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছে ঢকুৱাখনাত।

author-image
Asomiya Pratidin
New Update
বজৰং দলৰ বিৰুদ্ধে "ৰাইজৰ দল"ৰ ঢকুৱাখনা থানাত গোচৰ

ডিজিটেল সংবাদ,ঢকুৱাখনা: ৰাষ্ট্ৰীয় অখণ্ডতা আৰু সৰ্বভৌমত্বলৈ প্ৰচণ্ড ভাবুকি মাতি যুৱ প্ৰজন্মক হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিবলৈ উৎসাহিত কৰা বজৰং দলৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছে ঢকুৱাখনাত। অবৈধ মাৰণাস্ত্ৰ মজুত ৰখা , যুৱ প্ৰজন্মক মুকলিকৈ মাৰণাস্ত্ৰৰ প্ৰশিক্ষণ দিয়া আৰু সাম্প্ৰদায়িক সংঘাতৰ বাবে উচতনি দি দৰং জিলাৰ মঙ্গলদৈত বজৰং দলে গ্ৰহণ কৰা অবৈধ কাণ্ডৰ বিৰুদ্ধে ঢকুৱাখনা সদৰ থানাত এক গোচৰ ৰুজু কৰিছে ৰাইজৰ দলৰ ঢকুৱাখনা সমষ্টি সমিতিয়ে ।

Advertisment

সমষ্টি সমিতিৰ হৈ পদ্ম কান্ত দলে ,ৰাতুল গগৈ, দিলীপ দাস , প্ৰহ্লাদ গগৈ ,ৰাজ কুমাৰ পাতিৰে ঢকুৱাখনা সদৰ থানাত বুধবাৰে এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰকাৰী গণে বজৰং দলৰ এই সন্ত্ৰাসবাদী কাৰ্যকলাপে ৰাষ্ট্ৰীয় নিৰাপত্তা, অখণ্ডতা আৰু সৰ্বভৌমত্তৰ লগতে জনজীৱনলৈ প্ৰচণ্ড ভাবুকি নমাই অনা বুলি আশংকা কৰিছে। লগতে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বজৰং দলৰ বিষয়ববীয়া সকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰোপৰি মঙলদৈ ঘটনাৰ সতে জড়িত সকলৰ ওপৰত ভাৰতীয় দণ্ডবিধি আইনৰ লগতে অস্ত্ৰ আইনৰ ধাৰা ২৫/২৭ আৰু ইউ এ পি আইনৰ ধাৰা ১৩ আৰু ১৬ অধীনত গোচৰ পঞ্জীভূত কৰি তাৎক্ষণিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই এজাহাৰ দাখিল কৰিছে।

Also Read: পুনৰ দাম বৃদ্ধি! দিল্লীত ২৫৯ পালেগৈ প্ৰতিকিলো বিলাহীৰ মূল্য...