কাজিৰঙা পৰ্যটনত নতুন সংযোজনেৰে আগন্তুক পৰ্যটন বৰ্ষ মুকলিৰ সিদ্ধান্ত

কাজিৰঙা পৰ্যটনত নতুন সংযোজনেৰে আগন্তুক পৰ্যটন বৰ্ষ মুকলিৰ সিদ্ধান্ত

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা পৰ্যটনত নতুন সংযোজনেৰে আগন্তুক পৰ্যটন বৰ্ষ মুকলিৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ৷বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষৰ নেতৃত্বত অনুষ্ঠিত সভাত নতুন সংযোজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

কাজিৰঙা জীপ-ছাফাৰি সংস্থা, হোটেল-ৰিজ’ৰ্ট সংস্থা, টুৰিষ্ট গাইড সংস্থা, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, পৰ্যটন ব্যৱসায় কল্যাণ সমিতি, আদি স্থানীয় বিভিন্ন সংগঠনৰ বিষয়-ববীয়া উপস্থিত থকা সভাত ক্ষেত্ৰ সঞ্চালক ঘোষে কয় যে অহা ১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰী — চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্তমল্ল বৰুৱা, কেশৱ মহন্ত আৰু অতুল বৰাৰ উপস্থিতিত মুকলি কৰা হ’ব ৰাষ্ট্ৰীয় উদ্যান৷ পুৱা ৯ মান বজাত ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ পূৰ্বে কাজিৰঙাৰ চাইক্লিং ক্লাৱ মুকলি কৰিব বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷

পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী অৰুণ ভিগনেছ আৰু সহকাৰী বন সংৰক্ষক, বনবিষয়াসকল উপস্থিত থকা এই আলোচনা সভাত দৃশ্যমান উপস্থাপনৰ দ্বাৰা আগন্তুক পৰ্যটন বৰ্ষত সংযোজন কৰিব লগা বিষয় সমূহ সন্দৰ্ভত উদ্যান কৰ্তৃপক্ষই আভাস দিয়াৰ পাছত উপস্থিত বিষয়-ববীয়াসকলৰ পৰা মতামত গ্ৰহণ কৰা হয়৷ উদ্যানৰ সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰা মতে, কাজিৰঙা টুৰিষ্ট গাইড সংস্থালৈ সহযোগিতা আগবঢ়াই সংস্থাৰ ফোন নম্বৰ, ইমেইল আই ডি আৰু নিৰ্ধাৰিত মূল্যৰ তালিকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অফিচিয়েল ৱেবচাইটত প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব৷

আনহাতে পৰ্যটকে উদ্যান দৰ্শন কৰিবলৈ অ’নলাইন আৰু অফলাইন দুই ধৰণেৰে ৰ’ষ্টাৰৰ যোগেদি জীপছি বুকিং কৰিব পাৰিব বুলি জানিবলৈ দি কয় যে ইয়াৰ কাম চলি পৰৱৰ্তী সময়ত সোনকালেই ইয়াৰ প্ৰবৰ্তনৰ ব্যৱস্থা কৰা হ’ব৷ ইফালে, জীপ চাফাৰিৰ ক্ষেত্ৰত উদ্যান দৰ্শনৰ সময়ৰ কিছু সালসলনি কৰাৰ প্ৰস্তাৱ লোৱা সন্দৰ্ভত জানিবলৈ দি সঞ্চালিক ড° ঘোষে কয়, কহঁৰা আৰু বাগৰি বনাঞ্চলত পুৱা ৭-০০ ৰ পৰা ১০-৩০ বজালৈ; অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলত পুৱা ৬-০০ বজাৰ পৰা ১০-০০ বজালৈ পৰ্যটক জীপছিৰে উদ্যানৰ অন্তৰ্ভাগত প্ৰৱেশ কৰিব পাৰিব৷

ইফালে, পৰ্যটনত নতুন সংযোজন হিচাপে কাজিৰঙাৰ কাষৰীয় কাৰ্বি পাহাৰৰ নামনি অঞ্চল সামৰি এক চাইকেল ট্ৰেকিং পথ আৰম্ভ কৰাৰ লগতে মিহিমুখ প্ৰৱেশ দ্বাৰত পৰ্যটকক আপ্যায়নৰ বাবে পিঠা-পনা তথা থলুৱা সামগ্ৰী বিপনন কেন্দ্ৰ আৰম্ভ কৰাৰ বিষয়ে অৱগত কৰে। পৰ্যটকসকল যাতে এদিনৰ ঠাইত কাজিৰঙাত তিনিদিন থাকি কাজিৰঙা দৰ্শন কৰিব পাৰে তাৰ বাবে কলিয়াভোমোৰাৰ নদী পৰ্যটন, ঐতিহাসিক এলেকা পৰ্যটন আৰু উদ্যানৰ কাষৰীয় জলপ্ৰপাত, নৈসৰ্গিক ভ্ৰমণযোগ্য এলেকাসমূহৰ প্ৰচাৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্তব্য কৰে সঞ্চালিকা গৰাকীয়ে৷

ইফালে, ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰি, উদ্যানত পৰ্যটনৰ হেঁচা হ্ৰাস কৰিবলৈ প্ৰতি সপ্তাহৰ বুধবাৰে পিছবেলা উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চল পৰ্যটকৰ বাবে বন্ধ ৰখা সন্দৰ্ভত বিবেচনা কৰা হ’ব বুলিও সঞ্চালিক ড° ঘোষে জানিবলৈ দিয়ে ৷ অহা ১৫ অক্টোবৰত আংশিকভাৱে ৰাষ্ট্ৰীয় উদ্যান মুকলি সন্দৰ্ভত সঞ্চালক ঘোষে কয় যে কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ ভৈছামাৰী এলেকা পৰ্যন্ত পৰ্যটকৰ বাবে মুকলি কৰাৰ বিপৰীতে বাগৰি বনাঞ্চলৰ বিমলী এলেকা পৰ্যন্ত পৰ্যটক যাব পাৰিব৷

ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ দিনা শেহতীয়া বন্যপ্ৰাণী দিৱসত অংশগ্ৰহণ কৰা বিভিন্ন স্কুলৰ চিত্ৰাংকন প্ৰতিযোগীসকলক বিনামূলীয়া ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰোৱাৰ ব্যৱস্থা কৰাৰ লগতে বিজয়ীসকলক উপস্থিত অতিথিসকলৰ দ্বাৰা পুৰস্কাৰ বিতৰণৰ ব্যৱস্থা কৰা হ’ব৷ আনহাতে, ১৫ অক্টোবৰৰ পিছবেলাৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব পাৰিব পৰ্যটকে৷

কাজিৰঙা পৰ্যটনত নতুন সংযোজনেৰে আগন্তুক পৰ্যটন বৰ্ষ মুকলিৰ সিদ্ধান্ত
শূণ্য লৈ আৰক্ষীৰ গুলীঃ খেদি খেদি আটক ড্ৰাগছ সৰবৰাহকাৰীক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in