অসমত বৃদ্ধি ঢেকীয়াপতীয়া বাঘৰ সংখ্যা

বাঘ সংৰক্ষণৰ ক্ষেত্ৰত অসমৰ বাবে এটা ভাল খবৰ৷ ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ সমীক্ষা মতে অসমত বৰ্তমান ঢেকীয়াপতীয়া বাঘৰ সংখ্যা ২২৭ টা ৷

author-image
Asomiya Pratidin
New Update
অসমত বৃদ্ধি ঢেকীয়াপতীয়া বাঘৰ সংখ্যা

ডিজিটেল সংবাদ, কাজিৰঙাঃ বাঘ সংৰক্ষণৰ ক্ষেত্ৰত অসমৰ বাবে এটা ভাল খবৰ৷ ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ সমীক্ষা মতে অসমত বৰ্তমান ঢেকীয়াপতীয়া বাঘৰ সংখ্যা ২২৭ টা ৷

Advertisment

প্ৰতি চাৰিবছৰৰ ব্যৱধানত কৰা বাঘ গণনাৰ তথ্য অনুসৰি ২০০৬ চনত অসমত বাঘৰ সংখ্যা আছিল ৭০ টা আৰু ২০২২ চনৰ সমীক্ষাত বৃদ্ধি হ’ল ২২৭ টালৈ। ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ চমুকৈ এন টি চি এ ৰ শেহতীয়া তথ্যত এই কথা প্ৰকাশ ৷

তথ্যমতে অসমৰ চাৰিখন টাইগাৰ ৰিজাৰ্ভৰ ভিতৰত কাজিৰঙা টাইগাৰ ৰিজাৰ্ভেও বাঘ সংৰক্ষনৰ দিশত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,নগাঁও ৱাইল্ড লাইফ ডিভিজনৰ অন্তৰ্গত লাওখোৱা বুঢ়া চাপৰি ,বাগছেৰ সংৰক্ষিত বনাঞ্চলক সামৰি কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বাঘৰ সংখ্যা বৰ্তমান১৩৬ ৰ পৰা ১৪২ টা ৷

অৱশ্যে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যাৰ বিশেষ তাৰতম্য নহ’ল ৷ৰাষ্ট্ৰীয় উদ্যানখনত পূৰ্বৰ ১০৪ টাৰ পৰা ১০৬ টাৰ ভিতৰতে সীমাবদ্ধ থাকিল বাঘৰ সংখ্যা ৷বন বিভাগৰ মতে ইয়াৰ কাৰণ বাঘৰ পৰ্যাপ্ত বিচৰণ ভূমিৰ অভাৱ ৷ এনে পৰিস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনাও নাই ৷

কিন্তু ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণ দিশৰ কাৰ্বি আংলঙত বাঘ বিচৰণৰ উপযুক্ত পৰিবেশ গঢ় দিব পাৰিলে বাঘৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ তদুপৰি বেদখল মুক্ত কৰা ওৰাং,লাওখোৱা আদিত বাঘৰ বাবে উপযুক্তপৰিবেশ সৃষ্টি হ’ব বুলি আশাবাদী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷

উল্লেখযোগ্য যে সাধাৰণতে কেমেৰা ট্ৰেপিঙৰ জৰিয়তে বাঘৰ গণনা কৰা হয় যদিও এইবাৰ বাঘ গণনা ব্যৱস্থা কৰা হৈছে SECR পদ্ধতি ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ দাবী যে ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ পাৰ আৰু চৰচাপৰি সমূহত সঠিক ভাৱে গণনা কৰিলে বাঘৰ সংখ্যা আৰু বৃদ্ধি পাব ৷

Also Read: ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সংহাৰ

kaziranga national park