ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সংহাৰ

ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ লগতে বৰবৰুৱাটো কৃত্ৰিম বানৰ সংহাৰ

author-image
Asomiya Pratidin
New Update
 ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সংহাৰ

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ শুকুৰবাৰে অহা এজাক মুখলধাৰ বৰষুনৰ ফলত ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হয়।ফলত যথেষ্ট যান যতৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। ডিব্ৰুগড়ৰ সকলো প্ৰান্তৰ সমান্তৰাল ভাৱে বৰবৰুৱা ডিব্ৰুৱাল গাওঁৰ পৰা ৩৭ নং ঘাইপথ সংযোগী পথছোৱাটো সৃষ্টি হয় কৃত্ৰিম বানৰ।

Advertisment

বৰবৰুৱা চিকিৎস্যালয়ৰ কাষেদি যোৱা পথছোৱাত কৃত্ৰিম বানৰ সৃষ্টি হোৱাত ব্যাহত হবলগীয়া হৈছে স্থানীয় লোকৰ যাতায়ত ব্যৱস্থা। অঞ্চলটোৰ স্থানীয় লোকৰ অভিযোগ অনুসৰি বিগত ২০ বছৰেই বিধায়ক প্ৰশান্ত ফুকন কিম্বা আন কোনো জনপ্ৰতিনিধিয়েই পথছোৱা মেৰামতিৰ বাবে কোনো ব্যৱস্থা হাতত লোৱা নাই। আনকি বৰষুণৰ পানী যাবৰ বাবে যেনেদৰে নলা নিৰ্মান কৰিব লাগিছিল আজি পৰ্যন্ত নলা নিৰ্মাণৰ বাবে কোনো আঁচনি গ্ৰহণ নকৰিলে।

ফলত এজাক মুখলধাৰ বৰষুণৰ পিছতেই যমৰ যাতনাত ভূগিব লগীয়া হয় গাঁওবাসীয়ে।পৰিবৰ্তনকামী চৰকাৰৰ দিনটো পথছোৱাৰ পৰিবৰ্তনৰ মুখ নেদেখাত সংবাদ মাধ্যমৰ কাষ চাপে স্থানীয় ৰাইজ।শীঘ্ৰেই পথছোৱাৰ লগতে নলা নিৰ্মানৰ আঁচনি গ্ৰহণ কৰিবলৈও দাবী উত্থাপন কৰিছে অঞ্চলটোৰ জনগণে।।

Also Read: চৰাইদেউ উদ্ধাৰ প্ৰকাণ্ড অজগৰঃ ৭টাকৈ হাঁহ ভক্ষণ