/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/03dc8f27-1a1f-4697-ae1b-ecc360377b48/ggfg.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ খাদ্যৰ সন্ধানত কণ্টকৰাম ৷ সাধাৰণতে কণ্টকৰাম হিচাবে পৰিচিত নিশাচৰ প্ৰাণী কেটেলা পহু দিনৰ ভাগত দেখা পোৱাটো কঠিন ৷ সেয়েহে কৰ্তব্যৰত বনকৰ্মীৰ বাদে পৰ্যটকৰ বাবে এনে দৃশ্য বিৰল ৷
তাৰমাজতো কেটেলা পহু প্ৰত্যক্ষ কৰাৰ সৌভাগ্য হৈছে একাংশ পৰ্যটকৰ ৷আনহাতে এই বিৰল দৃশ্য বন্দী হৈছিল টুৰিষ্ট গাইড বিতুপন কলঙৰ কেমেৰাত ৷ আত্মৰক্ষাৰ বাবে তীক্ষ্ণ কাঁইট সদৃশ অংগৰে শৰীৰ আবৃত কেটেলা পহু শত্ৰুৰ বিৰুদ্ধে সদায় সতৰ্ক ৷
খাদ্যৰ বাবে ফলমূল বিচাৰি বিচৰণ কৰাৰ সময়ত শত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে সাজু কৰি ৰাখে কাঁইটবোৰ ৷ উল্লেখ যোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ইয়াৰ সংখ্যা নিৰ্ধাৰণ হোৱা নাই যদিও বিভিন্ন এলেকাত বহু সংখ্যক কেটেলা পহুৰ বিচৰণ প্ৰত্যক্ষ কৰিছে বনকৰ্মীয়ে ৷
Also Read: মৰ্মান্তিক! পিতা-পুত্ৰক হানি খুচি হত্যা...