মৰ্মান্তিক! পিতা-পুত্ৰক হানি খুচি হত্যা...

ৰাস অনুষ্ঠানৰ মাজতে পিতা-পুত্ৰক চোকা অস্ত্ৰৰে হানি -খুচি হত্যা কৰে একে গাঁৱৰে ৩ জনে ।

author-image
Asomiya Pratidin
New Update
মৰ্মান্তিক! পিতা-পুত্ৰক হানি খুচি হত্যা...

ডিজিটেল ডেস্কঃ সোমবাৰে নিশা গহপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। ৰাস অনুষ্ঠানৰ মাজতে পিতা-পুত্ৰক চোকা অস্ত্ৰৰে হানি -খুচি হত্যা কৰে একে গাঁৱৰে ৩ জনে ।

Advertisment

 এই ঘটনা সংঘটিত হৈছে গহপুৰৰ পূব -কলাবাৰীৰ দেউৰীচুকত। পিতা-পুত্ৰৰ তেজেৰে ৰাঙলী হ'ল ৰাস অনুষ্ঠান চলি থকা নামঘৰৰ চৌপাশ।

হত্যাৰ বলি হোৱা দুজন ক্ৰমে পিতৃ হিতেশ্বৰ শইকীয়া (৪৭)আৰু পুত্ৰ সীমন্ত শইকীয়া (২৫) বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, পেটত চোকা অস্ত্ৰৰে হানি -খুচি হত্যা কৰে দুয়োকে।

হত্যাৰ অভিযোগ উত্থাপন হৈছে একে গাঁৱৰে অকন বৰদলৈ ,মদন বৰদলৈ লগতে পিতৃ কৃষ্ণ বৰদলৈৰ বিৰুদ্ধে। ইতিমধ্যে গহপুৰ  আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী তিনিওকে ।

কি কাৰণে এই ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা নাই। পিতা-পুত্ৰৰ মৃত্যুত ঘৰখনৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছা পৰিছে। আৰক্ষীয়ে বৰ্তমান তদন্ত চলাই আছে। তাৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত কাৰণ।

Also Read: নৃশংস! কান্দি থকা বাবে পিতৃয়ে ভৰিৰে গচকি হত্যা কৰিলে পুত্ৰক

crime Assam police