নান্দনিক! কাজিৰঙাত শুভ্ৰতাৰ দলিছা...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল-জলাশয়ত এতিয়া শুভ্ৰতাৰ প্ৰলেপ। এই শুভ্ৰতাৰ আচ্ছাদন পানীমেটেকাৰ ।

author-image
Asomiya Pratidin
New Update
নান্দনিক! কাজিৰঙাত শুভ্ৰতাৰ দলিছা...

ডিজিটেল সংবাদ ,কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল-জলাশয়ত এতিয়া শুভ্ৰতাৰ প্ৰলেপ। এই শুভ্ৰতাৰ আচ্ছাদন পানীমেটেকাৰ। প্ৰকৃতিপ্ৰেমীৰ মতে যদিও কাজিৰঙাৰ অন্তৰ্ভাগত এই দৃশ্য নান্দনিক প্ৰকৃততে উদ্যানখনৰ লগতে জলাশয়বোৰৰ বাবে ই ক্ষতিকাৰকহে। প্ৰকৃততে এই মেটেকা উদ্যানখনৰ বাবে আশীৰ্বাদ নহয় বৰঞ্চ অভিশাপহে।

Advertisment

উল্লেখ্যে যে বিগত দুটা বছৰে আশানুৰূপ ভাৱে উদ্যানখনত হোৱা নাই বানপানী। গতিকে উদ্যানখনৰ ভিতৰৰ খাল-বিলবোৰৰ পানীমেটেকাবোৰো ৰৈ গৈছে। যি কাজিৰঙাৰ বাবে অতি ভয়াবহ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মেটেকা নিষ্কাশনৰ নাই কৃত্ৰিম ব্যৱস্থাপনা। কেৱল বানপানীৰ জৰিয়তেহে এই মেটেকাবোৰ নিষ্কাশন হয়।

স্মৰ্তব্য যে বৰ্তমান সময়ত হাতী, গঁড়, পহু, বান্দৰে মেটেকা খাদ্য হিচাপেও গ্ৰহণ কৰা দেখা যায়।পানীমেটেকাৰ ফুলবোৰৰ মাজে মাজে জাকে-জাকে দল হৰিণ, গঁড়, বনৰীয়া ম'হ কিম্বা বিভিন্ন চৰাই চিৰিকটিৰ বিচৰণে কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকৰ মন মোহিত কৰে। সকলোৰে বাবে এই দৃশ্য হৈ পৰে নয়নাভিৰাম।

Also Read: আজি আৰক্ষী জিম্মাৰ ম্যাদ উকলিব ডাঃ সংগীতা দত্তৰ...

kaziranga national park