/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/abc1a084-5ecb-461b-b502-2c5160926461/ap_for_web_Kaziranga.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ, কাজিৰঙা: মাছমৰীয়াৰ বেশত অহা চোৰাং চিকাৰীয়ে গঁড় নিধন কৰিলে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ সংঘটিত গঁড় হত্যাৰ ঘটনাত ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ দিশৰ ব্ৰহ্মপুত্ৰত মাছমৰীয়া জড়িত থকাৰ সন্দেহ উদ্যান কৰ্তৃপক্ষৰ ৷
উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চল কাঠপাৰা এলেকাত দেওবাৰে উদ্ধাৰ হয় এটা গঁড়ৰ মৃত দেহ ৷ উদ্যান কৰ্তৃপক্ষৰ সূত্ৰ মতে পাঁচদিনৰ পূৰ্বে চোৰাং চিকাৰীয়ে নিধন কৰি কাটি নিয়ে খৰ্গ ৷ দেওবাৰে সন্ধিয়া প্ৰায় চাৰে চাৰি বজাত কৰ্তব্যৰত বনকৰ্মীয়ে এখন বিলত শগুন পৰি থকা দেখাপাই চোৱাচিতা কৰাৰ পাছত প্ৰত্যক্ষ কৰে গঁড়ৰ মৃতদেহটো ৷
খৰ্গটো কাটি নিয়াৰ স্পষ্ট চিন আৰু ৩০৩ ৰাইফলৰ এটা কাৰ্টিজ উদ্ধাৰ হোৱা পাছত চোৰাং চিকাৰীয়ে গঁড় নিধন কৰাৰ কথা নিশ্চিত হয় উদ্যান কৰ্তৃপক্ষ ৷ এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ দিশৰ ব্ৰহ্মপুত্ৰত মাছ মৰাৰ চলেৰে অহা চোৰাং চিকাৰীয়ে গঁড় নিধন কৰাৰ সন্দেহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ৷
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, বাগৰি বনাঞ্চলৰ নাতিদূৰৈত কহঁৰা বনাঞ্চলৰ শিলেখুন্দা বনশিবিৰ এলেকাত ২০২১ চনৰ ডিচেম্বৰ মাহত চোৰাং চিকাৰীয়ে নিধন কৰিছিল এটা গঁড় ৷ আনহাতে গঁড় নিধনৰ ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত ৷ সকলোৱে ইয়াক বন আৰু আৰক্ষী বিভাগৰ ব্যৰ্থতা বুলি অভিহিত কৰিছে ৷
যুৱ ছাত্ৰ পৰিষদৰ অভিযোগ মতে ব্ৰহ্মপুত্ৰত মাছ মৰাৰ বাবে চৰকাৰে দিয়া অনুমতিৰ পূৰ্ণ সুযোগ লোৱাৰ সম্ভাৱনা চোৰাং চিকাৰীৰ ৷ এইক্ষেত্ৰত পূৰ্বৰ দৰে বনকৰ্মী জড়িত থকাৰ সন্দেহ উত্থাপন কৰি উচিত তদন্তৰ দাবী সংগঠনটোৰ ৷
Also Read: লোকসভাত বিৰোধী সাংসদৰ ড্ৰেছ ক'ড ক'লা- কিন্তু কিয়?