/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/03d5a9f8-dcab-4b2a-9429-8e0949bb8567/ffd.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত দেশী-বিদেশী পৰ্যটকৰ ভিৰ l প্রায় প্রতিটো দিনেই পৰ্যটকসকলে লাভ কৰিছে ৰোমাঞ্চকৰ অভিজ্ঞতা৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমান সঘনাই বাঘ দেখাৰ সৌভাগ্য হৈছে পৰ্যটকৰ ৷ কেতিয়াবা পৰ্যটন পথৰ মাজে মাজে গহীন গম্ভীৰ খোজেৰে বাঘৰ ছফৰৰ দৃশ্য আন কেতিয়াবা আকৌ বাঘে হৰিণা চিকাৰৰ দৃশ্য বন্দী হৈছে কেমেৰাত ৷কাজিৰঙাত বৰ্তমান সময়ত বাঘ পৰ্যটনে এক অনন্য মাত্ৰা প্ৰদান কৰিছে।
কাজিৰঙাত পূৰ্বৰ তুলনাত সঘনে বাঘ দেখা পোৱাৰ সৌভাগ্য হৈছে পৰ্যটকসকল। গঁড়ৰ লগতে বাঘ চোৱাৰ হাবিয়াসেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা পৰ্যটকক আপ্লুত কৰিছে পৰ্যটন পথত গহীন গম্ভীৰ খোজ দি আগ বাঢ়ি অহা বাঘৰ বিচৰণৰ নয়নাভিৰাম দৃশ্যই ৷ বাঘ পৰ্যটন সম্পৰ্কে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা গৰাকীয়ে কয় যে শেহতীয়াকৈ সোণালী বাঘ তথা বাঘ পৰ্যটনে সমাদৰ লাভ কৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত ৷
Also Read: সোণোৱাল কছাৰী সাহিত্য সভাৰ উদ্যোগত ৰজনীকান্ত হাজৰিকাৰ স্মৃতিচাৰণ সভা সম্পন্ন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us