/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/b40ef7a9-346f-45a3-beb2-58ec36a4e27f/718beb23_3066_4769_8cdf_eba8625573d0.jpg)
সোণোৱাল কছাৰী সাহিত্য সভাৰ উদ্যোগত ৰজনীকান্ত হাজৰিকাৰ স্মৃতিচাৰণ সভা সম্পন্ন...
ডিজিটেল ডেস্কঃ সোনোৱাল কছাৰী সাহিত্য সভাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা,তিনঠেঙ্গীয়া শাখা সমিতি আৰু তিনঠেঙ্গীয়াবাসী ৰাইজৰ সহযোগত ১৯ ফেব্ৰুৱাৰীত ২ নং চৰাইহাবি এপল' যুৱক সংঘৰ প্ৰাঙ্গণত জাতিৰ গৌৰৱ প্ৰায়াত ৰজনীকান্ত হাজৰিকা স্মৃতি দিৱস উদযাপন কৰা হয়।।
গছপুলি ৰোপণ,পতাকা উত্তোলন,চাৰিমুখীয়া চাকি প্ৰজ্বলনৰ পিছতে ৰজনীকান্ত হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰা হয। সাহিত্য সভাৰ শীৰ্ষ গীত পৰিৱেশনৰ পাছত মোহন সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত সভাৰ দৃষ্টিভংগী আগবঢ়ায় মুখ্য সম্পাদক মৃদুল সোনোৱালে।
সোনোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য উপদেষ্টা গুণেশ্বৰ সোনোৱালে উদ্ধোধন কৰা স্মৃতিচাৰণ সভাত আদৰণি ভাষন আগবঢ়াই অভ্যৰ্থনা সমিতিৰ সভাপতি লীলা হাজৰিকাই। সভাত ৰজনীকান্ত হাজৰিকা সংখ্যা সোনোৱাল কছাৰী সাহিত্য সভাৰ পত্ৰিকাখন উন্মোচন কৰি লোক সংস্কৃতিৰ গৱেষক, ভাষাবিদ ড৹ উপেন ৰাভা হাকাচামে দেশে স্বাধীনতা লাভ কৰা বহু পূৰ্বেই ৰজনীকান্ত হাজৰিকাই উচ্চ শিক্ষা গ্ৰহণ নকৰাকৈ সোনোৱাল কছাৰী সমাজৰ সাংস্কৃতিক,শৈক্ষিক, অৰ্থনৈতিক আদি দিশৰ উন্নয়নৰ বাবে চিন্তা চৰ্চা কৰি এখন প্ৰগতিশীল আৰু অৰ্থনৈতিকভাৱে সৱল সমাজ নিৰ্মাণ কৰিবলৈ প্ৰয়াস চলাই গৈছিল বুলি কয়।
ইয়াৰ পাছতে সোনোৱাল কছাৰী সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদক মহানন্দ সোনোৱালে সঞ্চালনা কৰা "টাংলৌ চাপৰিৰ মানুহজন" শীৰ্ষক তথ্যচিত্ৰখন উন্মোচন কৰে সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য ৰিদিপ হাজৰিকাই। অনুষ্ঠানত মুখ্য বক্তা হিচাপে বিশিষ্ট লেখক কিৰণময় শইকীয়াই ৰজনীকান্ত হাজৰিকাৰ কৰ্মজীৱন,কৃৰ্তি আৰু সমাজ জীৱনলৈ আগবঢ়াই যোৱা কৰ্মৰাজিৰ ওপৰত বহুমূলীয়া ভাষন আগবঢ়ায়।বিশিষ্ট অতিথি হিচাপে নাট্যকাৰ, সংস্কৃতিৰ গৱেষক, তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভাই কয় ৰজনীকান্ত হাজৰিকা এগৰাকী ইতিহাসবিদ, সংস্কৃতিৰ গৱেষক, সমাজ সংগঠক আছিল বুলি উল্লেখ কৰি মহান সমাজকৰ্মী গৰাকীয়ে ১৯ ৩৭ চনত খোৱাঙত জন্ম গ্ৰহণ কৰি ১৯৪০ চনত খোৱাং হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল।খোৱাং চাহ বাগিচাত লোভনীয় চাকৰি লাভ কৰিও
স্বাধীন ব্যৱসায় আৰু কৃষিকৰ্মত মনোনিবেশ কৰি চাকৰি ত্যাগ কৰে বুলি প্ৰয়াত সাআহিত্যক জনৰ বহু সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। সভাত বিশিষ্ট সমাজকৰ্মী,সাহিত্যিক, শিক্ষক,সংগঠনৰ কৰ্ম কৰ্তা আদি ৰাইজৰ সৈতে উপস্থিত থাকে।
Also Read: এজন প্ৰাক্তন মন্ত্ৰীৰ কথা...