দেশ-বিদেশৰ পৰ্যটকৰ বাবে বন্ধ হ'ব কাজিৰঙা

মাজত আৰু এটা সপ্তাহ, দেশ বিদেশৰ পৰ্যটকৰ বাবে বন্ধ হ'ব কাজিৰঙা ৷প্ৰতিকুল পৰিৱেশৰ মাজতো নিম্নগামী হোৱা নাই পৰ্যটকৰ সংখ্যা।

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ নৃগোষ্ঠীয় লোকক ঘৰ-মাটি এৰি দিয়াৰ চৰকাৰী নিৰ্দেশঃ জীপাল কৃষক-শ্ৰমিক সংঘৰ তীব্ৰ প্ৰতিক্ৰিয়া

দেশ বিদেশৰ পৰ্যটকৰ বাবে বন্ধ হব কাজিৰঙা

ডিজিটেল সংবাদ, কাজিৰঙাঃ মাজত আৰু এটা সপ্তাহ, দেশ বিদেশৰ পৰ্যটকৰ বাবে বন্ধ হ'ব কাজিৰঙা ৷প্ৰতিকুল পৰিৱেশৰ মাজতো নিম্নগামী হোৱা নাই পৰ্যটকৰ সংখ্যা। পৰ্যটন বৰ্ষৰ শেষৰ সময়ছোৱাত কাজিৰঙাত পৰ্যটকৰ ব্যাপক ভিৰ।

Advertisment

সমান্তৰালকৈ এই সময়ছোৱাত অধিক সুন্দৰ হৈ পৰা কাজিৰঙাৰ প্ৰাকৃতিক শোভা,বন্য জন্তুৰ নয়নাভিৰাম বিচৰণ উপভোগ কৰি আপ্লুত দেশী-বিদেশী পৰ্যটক ।গঁড়,হাতী,হৰিণাৰ লগতে এই সময়ছোৱাত বৃদ্ধি পাইছে কাজিৰঙা পৰ্যটনৰ অন্যতম আকৰ্ষণ ঢেকিয়াপতীয়া বাঘৰ চাইটিং ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কোলাহল শূন্য পৰিবেশত বনৰজাৰ বিশ্ৰাম ৷

বিলৰ পাৰৰ গছৰ ছাঁত বিশ্ৰাম বনৰজাৰ ৷দৃশ্যটো ৰাষ্ট্ৰীয় উদ্যান খনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ ৷ উল্লেখযোগ্য যে বাঘ প্ৰত্যক্ষ কৰাৰ মানসেৰে কাজিৰঙালৈ অহা পৰ্যটকৰ বাবে বৰ্তমান বুঢ়াপাহাৰ বনাঞ্চল হৈ পৰিছে হটস্পট ৷ বুঢ়াপাহাৰ বনাঞ্চলত একাধিকবাৰ বাঘ প্ৰত্যক্ষ কৰাৰ সৌভাগ্য হৈছে পৰ্যটকৰ ৷ সমান্তৰালকৈ উদ্যানখনৰ কহঁৰা,বাগৰী বনাঞ্চলটো সঘনে দেখা পোৱা গৈছে বনৰজাক।

গঁড় কেন্দ্ৰীক পৰ্যটনত বাঘ দৰ্শনে দিয়া নতুন মাত্ৰাই আকৰ্ষণ বৃদ্ধি কৰিছে কাজিৰঙাৰ ।যাৰ বাবে পৰ্যটকৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ অভিলেখৰ সৃষ্টি কৰিছে ৷ প্ৰকৃতিপ্ৰমীৰ মতে উত্তৰ ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমুহৰ লগত সমানে ফেৰ মাৰিব পৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ উল্লেখ্য যে শেহতীয়া গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১২১ টা বাঘৰ তথ্য লাভ কৰা হৈছিল ৷

Also Read: চাউথ পইন্ট স্কুলত চাঞ্চল্যকৰ ঘটনা, হোষ্টেলৰ কোঠাত আত্মহত্যা দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ