/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b6672fd0-93dc-42d0-8882-16f281a85afd/AP_FOR_WEB_1.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ পানী কমিবলৈ আৰম্ভ কৰিলেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বৰ্তমানে জলমগ্ন ৬০ টাৰো অধিক বন শিবিৰ এলেকা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ জলাশয় সমূহৰ মেটেকা বা আন আৱৰ্জনা নিষ্কাষণৰ বাবে ইয়াতকৈ অধিক বানৰ প্ৰয়োজন আছে ৷
যিহেতু বিগত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনত বানৰ প্ৰভাৱ নপৰিল, গতিকে বিল-জলাশয়ত মেটেকাই আৱৰণৰ সৃষ্টি কৰিছে ৷ যিবোৰে জলজ প্ৰাণীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব ৷ আনহাতে চলিত বৰ্ষত বানৰ সময়ত যান-বাহনৰ খুন্দাত আৰু পানীত ডুবি চাৰিটা বন্যপ্ৰাণীৰ ইতিমধ্যেই মৃত্যু হৈছে।
অৱশ্যে বৰ্তমান সুৰক্ষিত অৱস্থাত আছে বাকী বন্যপ্ৰাণী সমূহ। এই মন্তব্য কৰে সঞ্চালক গৰাকীয়ে ৷ কাজিৰঙাৰ ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি একাংশ বন্যজন্তু ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আহ-যাহ কৰি আছে বুলি মন্তব্য কৰি সঞ্চালক শৰ্মাই কয় কিছু সংখ্যক বন্যজন্তু কাষৰীয়া চাহবাগিচাত আশ্ৰয় লৈ আছে ৷ এই জন্তু বোৰৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিছে বনকৰ্মীয়ে । এই ক্ষেত্ৰত যানবাহনৰ চালকসকলক নিয়ম অনুসৰি যান-বাহন চলাবলৈ আহ্বান সঞ্চালকগৰাকীৰ ৷
Also Read: মুছলপুৰত UPPLত যোগদান ৭ শতাধিক লোকৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us