কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ নতুন আলহী...

কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ চমুকৈ চি ডব্লিউ আৰ চিৰ নতুন আলহি এটা দুবছৰীয়া হাতী পোৱালি

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ নতুন আলহী...

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ চমুকৈ চি ডব্লিউ আৰ চিৰ নতুন আলহি এটা দুবছৰীয়া হাতী পোৱালি ৷ কিছু দিনৰ পূৰ্বে ওদালগুৰিৰ বগাপানীত বন্যহস্তীৰ জাকৰ লগত অহা পোৱালিটো ঘটনা ক্ৰমে পৰি গৈছিল এটা খাৱৈত ৷

Advertisment

বন্যহস্তীৰ জাকটোৱে পোৱালিটোক উঠাবলৈ চেষ্টা কৰিও বিফল হোৱাত পোৱালিটো এৰি আঁতৰি গ’ল জাকটো ৷ আনহাতে দুৰ্গম এলেকা হোৱাৰ বাবে দুই চাৰি দিনৰ পাছতহে স্থানীয় লোকৰ দৃষ্টিগোচৰ হোৱাত খবৰ দিয়ে বন বিভাগক ।

পাছত কাজিৰঙাৰ পানবাৰী স্থিত চি ডব্লিউ আৰ চিৰ সহযোগত বন বিভাগে পোৱালিটো উদ্ধাৰ কৰি লৈ আহে কাজিৰঙালৈ ৷বৰ্তমান চি ডব্লিউ আৰ চিত পৰিচৰ্যা কৰি থকা হৈছে পোৱালিটোক ৷কেন্দ্ৰটোৰ চিকিৎসকৰ মতে প্ৰথমে দুদিন পোৱালিটোৱে আমনি কৰিছিল যদিও কেন্দ্ৰটোত থকা আন হাতীৰ সংস্পৰ্শলৈ অহাত বৰ্তমান সি শান্ত হৈছে ৷ এতিয়া আন হাতী সমূহৰ লগত সুন্দৰ ভাৱে চলাফুৰা কৰি আছে পোৱালিটোৱে ৷

Also Read: শিৱসাগৰত সদৌ অসম শিশুনাট সমাৰোহঃ শিশুৰ অভিনয়ে মোহিছে নাট্যপ্ৰেমীক

kaziranga national park