/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c03f5b14-6be3-41ad-86b7-19de9b6533a9/Naaat.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ যুৱদলত বুধবাৰৰে পৰা শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে "সদৌ অসম শিশুনাট সমাৰোহ"। পাৰ্থ প্ৰতীম বৰা, আকাশ দুৱৰী, জিতুজ্যোতি গায়নকে ধৰি একাংশ নতুন প্ৰজন্মৰ যুৱকে শিশুসকলৰ নাট্য প্ৰতিভা বিকাশৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে যোৱা ১১টাকৈ বছৰ ধৰি সদৌ অসম ভিত্তিত শিশু নাট সমাৰোহ অনুষ্ঠিত কৰি আহিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5df84aad-2ead-4c33-9738-7949f9d2e51d/aa7d584e_8dce_453e_b62f_705e550bb3db.jpg)
ৰাজ্যখনৰ কেউখন জিলাৰ বিভিন্ন স্থানৰ ৩৬ টাকৈ শিশু নাট্যদলে এই সমাৰোহত অংশগ্ৰহণ কৰিছে ৷ সমাৰোহত প্ৰত্যক্ষ ভাৱে এক হাজাৰৰো অধিক শিশুশিল্পীয়ে পৰ্যায়ক্ৰমে অভিনয় কৰিব ৷ এই শিশুসকলৰ থকা খোৱাৰ ব্যৱস্থাও উদ্যোক্তা সকলে গ্ৰহণ কৰিছে ৷ শিশু নাট সমাৰোহক কেন্দ্ৰ কৰি সমগ্ৰ শিৱসাগৰ চহৰত বিৰাজ কৰিছে উৎসৱ মুখৰ পৰিৱেশে ৷ শিৱসাগৰ চহৰৰ হোটেলত কোঠা পাবলৈ নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9adf2c2c-fe76-4fb5-addf-33d87845dbb9/8709a05d_d2bc_4910_af4d_2c4e56b14340.jpg)
প্ৰথম দিনটোতে ১৭ টাকৈ শিশু নাট্যদলে নাট মঞ্চস্থ কৰি শিৱসাগৰ যুৱদলত আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰে ৷ শিশু শিল্পীসকলৰ সাৱলীল অভিনয়ে মন্ত্ৰমুগ্ধ কৰিছে জনসাধাৰণক ৷ ঐতিহ্যমণ্ডিত শিৱসাগৰ পুখুৰীৰপাৰত শিশুৰ অভিনয় উপভোগ কৰাৰ বাবে প্ৰতিকুল বতৰকো আওকাণ কৰি ওলাই আহিছে জনসাধাৰণ ৷ ছাঁ পোহৰ আৰু আৱাহ সংগীতৰ তালে-তালে শিশুশিল্পীসকলে কৰিছে মন পৰশা অভিনয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/7c012408-8484-458c-b9ea-fac3b576d2b8/540698b8_bc24_4339_8a3e_e02202da18da.jpg)
বৃহস্পতিবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে নাট সমাৰোহ শুভাৰম্ভ কৰা হয় ৷ প্লাৱিতা বৰঠাকুৰৰ পৰিকল্পনাৰে এগৰাকী কিশোৰীয়ে কৃষ্ণ নৃত্যৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ তাৰ পিছতেই অনুষ্কা লাহনে সত্ৰীয়া নৃত্য আৰু দ্বীজেন গগৈৰ প্ৰশিক্ষাৰ্থীয়ে বৰগীত বাঁহী বাদনেৰে পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ সমাৰোহৰ আৰম্ভণিতে শিৱসাগৰ নাট্য বিদ্যালয়ৰ শিশুসকলে “ফৰিং দেউ” নামৰ নাটখন প্ৰদৰ্শনীমূলক ভাৱে মঞ্চস্থ কৰে ৷ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ অধাৰত পৰিণিতা শৰ্মা বেজবৰুৱাই ৰচনা কৰা নাটখন পৰিচালনা কৰে ৰূপম বেজবৰুৱাই ৷ ৩০গৰাকী শিশু কিশোৰ-কিশোৰীৰ সাৱলীল অভিনয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ৷ শিশুশিল্পীসকলৰ নৃত্য, গীত সংলাপ আছিল উল্লেখ কৰিবলগীয়া ৷ শিশুশিল্পীসকলে অতি কম সময়ৰ ভিতৰতে মঞ্চ সজ্জা সম্পন্ন কৰি সকলোকে বিস্ময়াভিভূত কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/59255ad5-299f-47d0-9886-05f532c480bf/d462e5ef_7752_4ee6_838b_4196687684d7.jpg)
পুৱা আনুষ্ঠানিক ভাৱে সমাৰোহৰ মঞ্চ মুকলি কৰি শিৱসাগৰ দ’ল উন্নয়ন পৰিষদৰ সম্পাদক তথা আটাছু ভাৰপ্ৰাপ্ত সভাপতি বসন্ত গগৈয়ে উদ্যোক্তা সকলৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে ৷ শিশুসকলক অভিনয়ৰ পাৰদৰ্শিতা উপস্থাপন কৰাৰ বাবে এনে মঞ্চৰ অতি প্ৰয়োজন বুলি মন্তব্য কৰে ৷ সমাৰোহ উদ্বোধন কৰি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তথা নিবন্ধকাৰ ড° সৌমাৰজ্যোতি মহন্তই শিশুক নাট্য চৰ্চাৰ যোগেদি সাংস্কৃতিবান কৰাৰ উদ্দেশ্য আয়োজন কৰা এই সমাৰোহত ভাগলোৱা প্ৰতিটো শিশুৱেই নিজৰ প্ৰতিভা বিকাশৰ সুযোগ পাব বুলি ব্যক্ত কৰে ৷ তেওঁ শিশুসকলক প্ৰতিটো ক্ষেত্ৰতে প্ৰতিভা বিকাশৰ সুযোগ দিয়াৰ প্ৰয়োজন বুলি মন্তব্য কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e6ebd74f-f1f6-476e-9afa-8f92527d529f/ac991c02_3b7c_419c_86c3_a33e86aef2e4.jpg)
প্ৰতিভাসম্পন্ন নাট্যকাৰ জিতুজ্যোতি গায়নে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত প্ৰতিভাসম্পন্ন লেখক প্ৰশান্ত বৰগোহাঁইৰ সম্পাদনাত প্ৰকাশিত “অংকুৰণ” নামৰ স্মৃতিগ্ৰন্থখনি আনুষ্ঠানিক ভাবে উন্মোচন কৰি এনামউদ্দিন আহমেদে শিশু সকলক অভিনয়ৰ সমান্তৰালকৈ অধ্যয়ন অব্যাহত ৰখাৰ আহ্বান জনায় ৷ তেওঁ শিশুসকলক সুস্থ পৰিৱেশ দিয়াৰ আহ্বান জনাই কয় যে, চিত্ৰ শিল্পী হোৱাৰ প্ৰবল হেঁপাহ আছিল এডলফ হিটলাৰৰ ৷ কিন্তু তেওঁৰ হাতত বন্দুক তুলি দিয়া হ’ল ৷ ইফালে ভিয়েনাত সেই সময়ৰ মেয়ৰ কাৰ্ল লুইগাৰে ইহুদীসকলৰ বিৰুদ্ধে প্ৰবল জনমত গঠন কৰিছিল ৷ বাতৰি কাকত আৰু একাংশ লেখকে প্ৰতিটো কথাতেই ইহুদীসকলক দোষাৰোপ কৰি বাতৰি আৰু প্ৰৱন্ধ প্ৰকাশ কৰিছিল ৷ জাৰ্মানীৰ অৰ্থনীতি ইহুদীসকলৰ বাবে ভাঙি পৰা বুলি বাতৰি কাকতে বাতৰি প্ৰকাশ কৰিছিল ৷ এনে পৰিৱেশে হিটলাৰ মনত সাংঘাতিক ধৰণে প্ৰভাৱ পেলাইছিল ৷ ইহুদীৰ প্ৰতি হিটলাৰ বিদ্ৰোহী হৈ পৰিছিল ৷ সাম্প্ৰতিক সময়ত আমাৰ দেশটো একাংশ লেখক আৰু সাংবাদিকে প্ৰতিটো কথা সাম্প্ৰদায়িক দৃষ্টিভংগীৰে বিশ্লেষণ কৰি সমাজত হিটলাৰ সৃষ্টিৰ প্ৰয়াস কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b6247637-856c-46b8-a7d3-3c1fd76fcbd5/6f284f2b_19b1_4b45_8020_a78e84fe1e55.jpg)
এনে ব্যক্তিৰ পৰা সকলোকে সাৱধান হোৱাৰ বাবে এনামউদ্দিন আহমেদে আহ্বান জনায় ৷ তেওঁ শিশুসকলক সুস্থ পৰিৱেশত বাস কৰিবলৈ, শিশুৱে ভবা মতে আগবাঢ়ি যাবলৈ পৰিৱেশ দিয়াৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায় ৷ তদুপৰি শিৱসাগৰৰ একাংশ যুৱকে নিজৰ টকা ব্যয় কৰি ইতিবাচক চিন্তাৰে শিশুসকলক প্ৰতিভা বিকাশৰ বাবে শিশু সমাৰোহ অনুষ্ঠিত কৰা কাৰ্যক প্ৰশংসা কৰে ৷ উদ্বোধনী অনুষ্ঠানত জিতুজ্যোতি গায়ন, আকাশ দুৱৰী, পাৰ্থ প্ৰতীম বৰা, ৰমা গগৈ, ঋতুপৰ্ণ বৰগোহাঁই, সাংবাদিক ভাস্কৰ দাস, ৰাতুল ভৰালিকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1dad5f7f-c263-4ff3-835e-2b1aaad4857a/b4337bbf_b93f_4f3a_8175_416aba94bf98.jpg)
উল্লেখ্য যে শিৱসাগৰ নাট্য বিদ্যালয়ে ৰংপুৰ বাৰ্তা, খোজ, বৰ্ণম, ৰংমন, যুগান্তৰ, সংগ্ৰামী সেনা অসম আৰু সুৰ সমলয়ৰ উদ্যোগত দ্বাদশ বৰ্ষৰ বাবে শিশু নাট সমাৰোহ অনুষ্ঠিত কৰিছে৷ এই উদ্বোধনী অনুষ্ঠানৰ পিছতেই ধিতাইপুখুৰী, বাকচু শিশু বিকাশ মঞ্চৰ শিশুসকলে নাট্যকাৰ মহেন্দ্ৰ বৰাৰ “আমি একিখন নাৱৰে যাত্ৰী” নামৰ নাটখন সুন্দৰভাৱে মঞ্চস্থ কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰে ৷ নাটখন পৰিচালনা কৰে অভিজিৎ ভৰালীয়ে ৷ তাৰ পিছতেই শতশব্দ নাট্য দলৰ শিশুশিল্পীসকলে নাট্যকাৰ ৰাজদীপ বৰুৱাৰ “শুধৰণি” নাটখন মঞ্চস্থ কৰে ৷ নাটখন পৰিচালনা কৰে দিগন্ত দাসে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ddddc330-6285-49ad-9401-736b52b96f9a/8709a05d_d2bc_4910_af4d_2c4e56b14340.jpg)
লাকুৱৰ উজ্জীৱন মইনা পাৰিজাতৰ শিল্পী সকলে নাট্যকাৰ সঞ্জীৱ বাইলুঙৰ “অ আ আখৰা ইত্যাদি” নাটখন মঞ্চস্থ কৰে ৷ নাটখন সুন্দৰভাৱে পৰিচালনা কৰে ভাৰতী বৰুৱা ৰাজকোঁৱৰে ৷ ৰামধেনু নাট্যগোষ্ঠীৰ শিশুশিল্পীসকলে নাট্যকাৰ আৰু পৰিচালক পংকজ গগৈৰ “সপোনে দিঠকে” নাটখন সুন্দৰভাৱে উপস্থাপন কৰে ৷ ইয়াৰ পিছতেই হাঁহচৰাৰ ভুৱন গগৈ পুথিভঁৰালৰ নাট্যদলে নাট্যকাৰ পাকিজা বেগমৰ “সৰু ধেমালি বৰ ধেমালি” নাটখন দীপাংকৰ ফুকনৰ পৰিচালনাত সুন্দৰভাৱে মঞ্চস্থ কৰি দৰ্শকৰ সমাদৰ লাভ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/db823992-f742-4cfe-ab5d-9c6fc7562a15/55096595_4f99_4020_a0a0_e1be8729d318.jpg)
তৰুণজ্যোতি পুথিভঁৰাল আৰু সাংস্কৃতিক কেন্দ্ৰৰ শিশুসকলে নাট্যকাৰ নিতুমণি কলিতাৰ “বন অৰণ্য আৰু আমি” নামৰ নাটখন সৌৰভজ্যোতি চাংমাইৰ পৰিচালনাত সাৱলীলভাৱে মঞ্চস্থ কৰে ৷ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আধাৰত বিদ্যুত বিকাশ বৰা আৰু সৌমাৰজিৎ গগৈয়ে পৰিচালনা কৰা “বুঢ়া বুঢ়ী আৰু শিয়াল” নামৰ নাটখন সুন্দৰভাৱে উপস্থাপন কৰি ৰংমন নাট্যদলৰ শিশুসকলেও প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷ শিৱসাগৰ ভটীয়াপাৰৰ চন্দ্ৰলেখা কলাকেন্দ্ৰৰ শিশু নাট্য দলে নাট্যকাৰ দীপক দত্তৰ “দাইল ভাত ভাজি, ভোজ মেল আজ ” নামৰ নাটখন মঞ্চস্থ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/73dafe8e-143e-430b-9cf9-bcf3d5a08a20/43748cc9_aa73_4a80_a37b_690405a88875.jpg)
নাটখন পৰিচালনা কৰে চন্দ্ৰলেখা ৰাজখোৱাই ৷ মেটেকাৰ জেউতি মইনা পাৰিজাতৰ শিশু নাট্যদলে নাট্যকাৰ ৰুমি কেওঁটৰ “মাখিয়ে মিঠৈ খালে” নাটখন নয়নজ্যোতি বৰাৰ পৰিচালনাত উপস্থাপন কৰি দৰ্শকৰ প্ৰশংসা বুটলে ৷ উল্লেখ্য নিশালৈকে মুঠ ১৭খন শিশু নাট মঞ্চস্থ কৰা হয় ৷ বাকী ১৯ খন নাটক বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰা মঞ্চস্থ কৰা হ’ব ৷ আবেলি ২.৩০ বজাত বিশিষ্ট নাট্যকৰ্মীৰ সম্বৰ্ধনা আৰু বিশেষ বঁটা প্ৰদান অনুষ্ঠিত কৰা হ’ব ৷ সন্ধিয়া ৭ বজাত শিশুনাট সমাৰোহৰ সামৰণি অনুষ্ঠানৰ লগতে লোকশিল্পী দ্বীজেন গগৈক "সৌৰভপ্ৰাণ শিৱসাগৰ" বঁটা প্ৰদান কৰা হ’ব ৷
Also Read: অঃসাঃ সভাৰ বাৰপূজীয়া অধিবেশনৰ আদৰণি সমিতিৰ সাক্ষাৎ মন্ত্ৰী কেশৱ মহন্তক