কাজিৰঙাৰ এটা কেন্দ্ৰৰ বাবে প্ৰাণ লাভ কৰিছে বহু বন্যপ্ৰাণীয়ে...

কাজিৰঙাৰ এটা কেন্দ্ৰৰ বাবে প্ৰাণ লাভ কৰিছে বহু বন্যপ্ৰাণীয়ে...

ডিজিটেল সংবাদ, কাজিৰঙা : দুটা মাতৃহাৰা গঁড় পোৱালি ৷ দুয়োটা পোৱালিকে মাতৃস্নেহ দিয়াৰ আপ্ৰাণ চেষ্টা এটা কেন্দ্ৰৰ। কেন্দ্ৰটোৰ আপদালত ক্ৰমে নিজে খাব পৰা হৈছে গঁড়পোৱালি দুটাই ৷ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত দুৰ্গত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন এটা অতিকৈ গুৰুত্ব পূৰ্ণ দিশ ৷ প্ৰাকৃতিক দুৰ্যোগ বা আন বিভিন্ন কাৰণত কেতিয়াবা মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰে বন্যজন্তুৰ পোৱালি ৷ কেতিয়াবা দুৰ্ঘটনা বা জন্তু মানুহৰ সংঘাটৰ বাবেও আহত হয় বন্যজন্তু ৷

এনেক্ষেত্ৰত দুৰ্গত বন্যপ্ৰাণীক উদ্ধাৰ কৰি শুশ্ৰুষা প্ৰদানেৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে বহু বন্যজন্তুৰ মৃত্যু হোৱাৰ লগতে প্ৰকৃতিৰ পৰা বিলুপ্তি হৈ যোৱাৰে সম্ভাৱনা অধিক ৷ এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই ২০০০ চনত কাজিৰঙাৰ পানবাৰীত প্ৰতিস্থা কৰে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ চমুকৈ চি ডব্লিউ আৰ চি ৷ বৰ্তমানলৈকে কেন্দ্ৰটোৰ উদ্যোগত কাজিৰঙাকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা হৈছে আঠ হাজাৰৰো অধিক বন্যপ্ৰাণী ৷ চিকিৎসা প্ৰদান কৰি সফলতাৰে পুনৰ সংস্থাপন কৰা হৈছে ইয়াৰে সত্তৰ শতাংশ বন্যপ্ৰাণীৰ ৷

বিশেষ ভাৱে মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা বন্যজন্তু পোৱালিক শুশ্ৰুষা তথা লালন পালনৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব লগীয়া হয় কেন্দ্ৰটোৰ চিকিৎসক কৰ্মচাৰীয়ে ৷ খাদ্যৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ খোৱাকৈ মাতৃ সুলভ আব্দাৰৰ মাজত ডাঙৰ কৰিব লগীয়া হয় পোৱালি বিলাকক ৷ বৰ্তমান দুইৰ পৰা আঢ়ৈ বছৰ বয়সৰ দুটা গঁড় পোৱালিৰ লগতে এটা ম’হ, হাতীৰ পোৱালিৰ আৰু কেইটামান নাহৰফুটুকী আছে কেন্দ্ৰটোত ৷ সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত ডাঙৰ দীঘল কৰা হৈছে পোৱালিকেইটাক ৷

কাজিৰঙাৰ এটা কেন্দ্ৰৰ বাবে প্ৰাণ লাভ কৰিছে বহু বন্যপ্ৰাণীয়ে...
কাজিৰঙাৰ ৰিভাৰ ডলফিন, শিহুৰ বিচৰণে আকৰ্ষণ কৰিছে দেশী-বিদেশী পৰ্যটকক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in