/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/de8d4ffc-bcd9-453b-934e-66b6a49c9c7a/AP_FOR_WEB_1.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : পৰ্যটনৰ শেষৰ সময়ছোৱাত কাজিৰঙালৈ সোঁত বৈছে দেশী বিদেশী পৰ্যটকৰ ৷ জীপ ছাফাৰী, হাতী ছাফাৰীৰ সমানেই আকৰ্ষণ লাভ কৰিছে কাজিৰঙাৰ নদী পৰ্যটনে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্যৰ মাজত ৰিভাৰ ডলফিন বা শিহুৰ বিচৰণ পৰ্যটকৰ বাবে হৈ পৰিছে আকৰ্ষণীয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/05634255-232f-455a-84ab-ff54e7cfb0e4/WhatsApp_Image_2023_05_09_at_7_47_44_AM__1_.jpeg)
পানীৰ মাজত ৰিভাৰ ডলফিনবোৰৰ লুকাভাকুৰ দৃশ্য সাধাৰণতে দেখিবলৈ পোৱা যাই ভোমোৰাগুৰি আৰু ব্ৰহ্মপুত্ৰৰ ধনশিৰি নদীৰ সংযোগস্থলত ৷ ব্ৰহ্মপুত্ৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সংলগ্ন এই এলেকাত তিনিটি বছৰৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জিলা প্ৰশাসনৰ সহযোগত আৰম্ভ কৰা নদী পৰ্যটনৰ বিশেষ সমল এই ৰিভাৰ ডলফিন ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8d3afd4d-d99f-4f56-a80d-e027f9d547b7/WhatsApp_Image_2023_05_09_at_7_47_45_AM.jpeg)
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত আৰম্ভ কৰা নদী পৰ্যটনত পৰ্যটকে স্পীড ব’টত উঠি মহাবাহুৰ নৈসৰ্গিক দৃশ্যৰ লগতে উপভোগ কৰিব পাৰে শিহুৰ লুকাভাকুৰ মনোমোহা দৃশ্য ৷ জীপ ছাফাৰী, হাতী ছাফাৰীৰ পাছত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নাও ছাফাৰী ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/2e0ff87c-f10d-468e-ac1f-2ae5cbd8f0b0/WhatsApp_Image_2023_05_09_at_7_47_46_AM.jpeg)
Also Read: SCERT ৰ ১০৫ কোটি কেলেংকাৰীঃ IAS শেৱালী দেৱী শৰ্মাক গ্ৰেপ্তাৰ, কনিষ্ঠ কন্যাক জে'ললৈ প্ৰেৰণ...