ডিজিটেল ডেস্ক : ৰাজ্যত বাৰিষাৰ আগমনৰ লগে লগে বৰষুণৰ সমান্তৰাল ভাৱে বতাহ-ধুমুহাই দেখা দিয়াৰ পৰিলক্ষিত হৈছে। বিগত দিনবোৰত ৰাজ্যৰ ঠায়ে ঠায়ে বতাহ-ধুমুহাৰ ফলত বহু ক্ষয় ক্ষতি হোৱাৰো বাতৰি আহি পৰিছে। মঙ্গলবাৰে সন্ধিয়াও গুৱাহাটী মহানগৰীকে ধৰি বহু ঠাইত বতাহ-ধুমুহাই দেখা দিয়ে।
কাজিৰঙাতো মঙ্গলবাৰে সন্ধিয়া প্ৰৱল ধুমুহা বৰষুণ দিয়াৰ ফলত ৰঙাজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল প্ৰকাণ্ড গছ ৷ যাৰ পৰিপ্ৰেক্ষিতত দুই দিশে আৱদ্ধ হৈ পৰিছে শ-শ যানবাহন । উজনি-নামনি দিয়ো দিশৰ যাত্ৰী ৰাষ্ট্ৰীয় ঘাইপথতে আৱদ্ধ হৈ পৰাত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে যাত্ৰীৰ মাজত। উল্লেখ্য যে, বন বিভাগে ইতিমধ্যই গছ কাটি পথ মুকলি কৰাৰ ব্যৱস্থা কৰিছে।