কাজিৰঙাত পৰ্যটকৰ ভিৰ! নানন্দিক দৃশ্যই আপ্লুত কৰিছে সকলোকে...

কাজিৰঙাত পৰ্যটকৰ ভিৰ! নানন্দিক দৃশ্যই আপ্লুত কৰিছে সকলোকে...

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত পৰ্যটকৰ ভিৰ! নানন্দিক দৃশ্যই আপ্লুত কৰিছে সকলোকে...

ডিজিটেল সংবাদ, কাজিৰঙাঃ ২০২৩-২৪ পর্যটন বর্ষ আৰম্ভ হোৱাৰ লগে লগে কাজিৰঙাত বাঢ়িছে পর্যটকৰ ভিৰ।ঋতু পৰিবৰ্তনৰ লগে লগে কাজিৰঙাইও লৈছে দৃষ্টিনন্দন ৰূপ। প্রকৃতিৰ শ্যামলী শোভাৰ মাজত বন্যপ্রাণীৰ বিচৰণে দৃষ্টি কাঢ়িছে পর্যটকৰ।কেতিয়াবা যদি গঁড়ে পথ ভেটি ধৰিছে আন কেতিয়াবা হাতীৰ জাকে পথ অতিক্ৰম কৰা সুন্দৰ দৃশ্যই আপ্লুত কৰিছে দেশী বিদেশী পৰ্যটকক।

Advertisment

আন কেতিয়াবা আকৌ পৰ্যটকক পণবন্দী কৰি অসম গৌৰৱ এশিঙীয়াৰ যেন পথ অৱৰোধ ৷ ইয়াৰ মাজতে নতুন পৰ্যটন বৰ্ষৰ প্ৰথমটো বাঘ দৰ্শন হৈছে পৰ্যটকৰ,টুৰিষ্ট গাইড বিশ্বজিৎ ছেত্ৰীৰ কেমেৰাত বন্দী হ’ল বনৰজাৰ জিৰণি লোৱাৰ মনোৰম দৃশ্য ৷ উল্লেখ্য যে দীৰ্ঘ বিৰতিৰ পাছত যোৱা ১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হৈছিল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ মুকলিৰ দিনটোৰ পৰাই দেশ বিদেশৰ পৰ্যটকৰ অভূতপূৰ্ব সোঁত বৈছে কাজিৰঙালৈ৷

Also Read: আজি ষষ্ঠী, বেদীত স্থাপিত হ'ব মা দুৰ্গাৰ প্ৰতিমা...

kaziranga national park