আজি ষষ্ঠী, বেদীত স্থাপিত হ'ব মা দুৰ্গাৰ প্ৰতিমা...

আজি ষষ্ঠী, বেদীত স্থাপিত হ'ব মা দুৰ্গাৰ প্ৰতিমা...

author-image
Asomiya Pratidin
New Update
আজি ষষ্ঠী, বেদীত স্থাপিত হ'ব মা দুৰ্গাৰ প্ৰতিমা...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে এতিয়া পূজাৰ ব্যস্ততা। শুকুৰবাৰে ষষ্ঠী। আজি পুৱা ৮ বাজি ১৭ মিনিট ৪০ ছেকেণ্ডৰ ভিতৰত হ'ব দেৱীৰ ষষ্ঠাদি কল্পাৰম্ভ। সন্ধিয়া হ'ব দেৱীৰ আমন্ত্ৰণ, অধিবাস। এক সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত পূজাৰ বেদিত স্থাপিত হ'ব দেৱী দশভূজাৰ মৃন্ময় প্ৰতিমা। বস্ত্ৰ, আ-অলংকাৰেৰে সজাই তোলা হ'ব দেৱীৰ প্ৰতিমা। দেৱীৰ বন্দনাৰে মুখৰিত হ'ব ৰাজ্য তথা দেশৰ আকাশ বতাহ।

Advertisment

ইতিমধ্যে মহালয়াৰ পবিত্ৰ ক্ষণত দেৱীৰ মত্যলৈ আগমনৰ লগে লগে আৰম্ভ হৈছে নৱৰাত্ৰি ব্ৰত। দেৱীৰ পূজাৰ অন্তত ২৪ অক্টোবৰত হ'ব দশমীৰ বিহিত পূজা আৰু দেৱী বিসৰ্জন। ঘোৰাত উঠি ধৰাৰ পৰা গমন কৰিব দেৱীয়ে। উল্লেখ্য যে, মহানগৰীৰ বিভিন্ন স্থানত প্ৰায় ৫০০ খন পূজা মণ্ডপত পূজা কৰা হ'ব দেৱী দুৰ্গাক।

দেশ তথা দেশৰ বাহিৰৰ বিভিন্ন কীৰ্তি চিহ্নৰ আৰ্হিত সজাই তোলা হৈছে মহানগৰীৰ একাংশ পূজা মণ্ডপসমূহ। ভক্তপ্ৰাণ ৰাইজ ইতিমধ্যে সাজু হৈছে মা দুৰ্গাক আৰাধনা কৰিবলৈ।

Also Read: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো চলিছে দুৰ্গা পূজাৰ ব্যাপক আয়োজন