কাজিৰঙাত কাৰ্বি জনগোষ্ঠীৰ সাজপাৰৰ প্ৰদৰ্শনী আৰু প্ৰশিক্ষণ কাৰ্যসূচী

কাজিৰঙাত কাৰ্বি জনগোষ্ঠীৰ সাজপাৰৰ প্ৰদৰ্শনী আৰু প্ৰশিক্ষণ কাৰ্যসূচী

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত দেশী বিদেশী পৰ্যটকৰ মাজত সমাদৰ লাভ কৰি আহিছে থলুৱা সাজপাৰে ৷ বিশেষভাৱে জনগোষ্ঠীয় সাজপাৰৰ প্ৰতি আকৰ্ষণ আছে পৰ্যটকৰ মাজত ৷

এই ক্ষেত্ৰত সহজতে লাভ কৰা কাজিৰঙাৰ দাঁতি কাষৰীয়া কাৰ্বি আংলঙৰ মহিলা সকলে বয়ন শিল্পৰ যোগেদি উৎপাদিত ৰং বিৰঙৰ বস্ত্ৰই আকৰ্ষিত কৰে পৰ্যটকক ৷ পৰ্যটকৰ আকৰ্ষণ ওপৰত নিৰ্ভৰ কৰি কাৰ্বি লোক সকলে বয়ন শিল্পৰ যোগেদি যাতে এখন বজাৰ লাভ কৰিব পাৰে তাৰ বাবে প্ৰদক্ষেপ গ্ৰহন কৰিছে বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা আৰণ্যকে ৷

ইয়াৰ অংশ হিচাবে বুধবাৰে কাজিৰঙাৰ কাৰ্বিআংলঙ জিলাৰ অন্তৰ্গত চন্দ্ৰসিং ৰংপি গাঁৱত আৰণ্যকৰ উদ্যোগত অনুষ্ঠিত হয় কাৰ্বি জনগোষ্ঠীৰ সাজপাৰৰ প্ৰদৰ্শনী আৰু প্ৰশিক্ষণ ৷ অনুষ্ঠানত শতাধিক কাৰ্বি মহিলাই অংশগ্ৰহণ কৰে ৷

কাজিৰঙাত কাৰ্বি জনগোষ্ঠীৰ সাজপাৰৰ প্ৰদৰ্শনী আৰু প্ৰশিক্ষণ কাৰ্যসূচী
মুক্তি পালে উদীয়মান কণ্ঠশিল্পী ৰিতপল বৰকাকতিৰ 'নয়না'

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in