ৰাইজৰ দাবীত কাজিৰঙা জীপ ছাফাৰী বন্ধৰ ঘোষণা বাতিল কৰিবলৈ বাধ্য হ’ল বন বিভাগে

ৰাইজৰ দাবীত কাজিৰঙা জীপ ছাফাৰী বন্ধৰ ঘোষণা বাতিল কৰিবলৈ বাধ্য হ’ল বন বিভাগে

author-image
Asomiya Pratidin
New Update
ৰাইজৰ দাবীত কাজিৰঙা জীপ ছাফাৰী বন্ধৰ ঘোষণা বাতিল কৰিবলৈ বাধ্য হ’ল বন বিভাগে

কাজিৰঙা

ডিজিটেল সংবাদ, কাজিৰঙাঃ প্ৰতি বুধবাৰে পিছবেলা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত ৰাইজৰ দাবীৰ পাছতে বাতিল কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প কৰ্তৃপক্ষই ৷ মঙলবাৰে এক জাননীযোগে এই বাতিল সম্বন্ধে আনুষ্ঠানিক ঘোষণা কৰে৷

Advertisment

উল্লেখ্য যে কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প এলেকাত প্ৰতি বুধবাৰে পিছবেলা জীপ ছাফাৰী বন্ধ ৰখাৰ এক সিদ্ধান্ত লৈছিল কাজিৰঙাৰ বন কৰ্তৃপক্ষই ৷ সেইমতে, বনবিভাগে নিৰ্দেশনাও জাৰি কৰিছিল ৷ কিন্তু, কাজিৰঙাৰ বন কৰ্তৃপক্ষই জাৰি কৰা এই নিৰ্দেশনাৰ বিপৰীতে কাজিৰঙা জীপ ছাফাৰী সংস্থা, হোটেল মালিক সন্থা, গাইড সন্থা, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ লগতে বিভিন্ন দল-সংগঠনে কাজিৰঙা বনবিভাগৰ স’তে শেহতীয়াকৈ এক আলোচনাত মিলিত হয় ৷

আলোচনাত প্ৰত্যেকটো দল-সংগঠনে বনবিভাগৰ সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনোৱাৰ লগতে লিখিতভাৱে আবেদন কৰে ৷ ৰাইজে কয়, কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হ’লেও দেশৰ আন আন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতকৈ এয়া সুকীয়া ৷ সেয়ে আন বনাঞ্চলৰ দৰে একে নীতি কাজিৰঙাৰ প্ৰতি পালন কৰা অনুচিত বুলি সজোৰে প্ৰতিবাদ কৰে ৷

ইয়াৰ পাছতেই আজি এক নিৰ্দেশনা যোগে কাজিৰঙাৰ বনবিভাগে বুধবাৰে পিছবেলা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জীপ ছাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত সলনি কৰি পূৰ্বৰ দৰেই প্ৰতিদিনে জীপ ছাফাৰী চলিব বুলি নিৰ্দেশনা জাৰি কৰে৷

Also Read: এখন ভৰিৰে নৃত্য কিশোৰীৰ, কৃত্ৰিম ভৰি লগাই দিয়াৰ দায়িত্ব গ্ৰহণ মন্ত্ৰী পিযুষ হাজৰীকাৰ

kaziranga national park