/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/797f3e7d-8620-4f93-85be-31d5b71f6a40/Boss_kaziranga.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : 'আন্ধাৰক দোষ দিবলৈ আমি ইয়ালৈ অহা নাই৷ সেই আন্ধাৰৰ মাজেদি নিৰাপদে এক সুস্থ ভৱিষ্যতৰ ফালে নিজকে বাট দেখুৱাই নিব পৰা চাকি এগছি জ্বলাবৰ বাবেহে আহিছোঁ৷'- গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই বিজ্ঞানসন্মত চিন্তাক সঁচা অৰ্থত প্ৰকাশ কৰি হেমকোষৰ ব্ৰেইলী সংস্কৰণটি অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই প্ৰকাশ কৰাৰ বাবে কাজিৰঙাত তেখেতক শনিবাৰে উষ্ম অভিনন্দন জনোৱা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1dbd2a65-8e07-4a4e-89c8-7661194394c9/2bd15005_3000_4da8_b58c_0d40c8e7d1de.jpg)
কাজিৰঙা বনবিভাগৰ অতিথিশালাত অনুষ্ঠিত এক অভিনন্দন অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা সাংবাদিক সন্থা, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থা, কাজিৰঙা অধ্যয়ন চক্ৰ, ৩৩ সংখ্যক কাজিৰঙা বসন্ত উৎসৱ উদযাপন সমিতি-২০২৩ আদি সংগঠনে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই সাদিন-প্ৰতিদিনৰ স্বতাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ কৰ্মৰাজি সন্দৰ্ভত বিভিন্ন বিষয় উত্থাপন কৰে।
উক্ত অনুষ্ঠানত বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তৰ লগতে প্ৰাঞ্জল হাজৰিকা, মেধাৱী ছাত্ৰ হিমাঞ্চল দত্ত, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মা, সম্পাদক ৰঞ্জিত ৰজক, সহকাৰী সম্পাদক বিতোপন মাঝি, সাংগঠনিক সম্পাদক বিতোপন বৰা, মনোজ প্ৰতীম শইকীয়া, ভাস্কৰ্য শিল্পী পাপু ঘোষ, কহঁৰা বজাৰ সমিতিৰ নাৰায়ণ ভট্টৰায়ে সম্বৰ্ধনা জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/572adae8-cc4d-4d15-9c47-c4df00039898/ca2baf2c_bf34_4ae5_8c98_8ea971d9b513.jpg)
কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি, ৩৩ সংখ্যক কাজিৰঙা বসন্ত উৎসৱ উদযাপন সমিতি-২০২৩ৰ মুখ্য সম্পাদক তথা কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই অনুষ্ঠানত ব্যক্ত কৰে যে, সাদিন-প্ৰতিদিন গোষ্ঠীৰ প্ৰতিষ্ঠা কৰাৰ লগতে পৰিচালনাৰ জৰিয়তে অসমৰ সংবাদ জগতখনলৈ এক সুস্থ বাতাৱৰণ কঢ়িয়াই অনাৰ কচৰৎ অব্যাহত ৰখা জয়ন্ত বৰুৱাই শেহতীয়াকৈ হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰাটো আমাৰ জাতিটোৰ বাবেই অত্যন্ত উৎসাহজনক ৷
আৰু সেয়ে শনিবাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ ওপজা দিন উপলক্ষে জয়ন্ত বৰুৱাৰ কৰ্মৰাজিৰ স্বীকৃতিক শ্ৰদ্ধা জনায় ৷ ইপিনে অনুষ্ঠানত হেমকোষৰ ব্ৰেইল সংস্কৰণৰ খনিকৰ জয়ন্ত বৰুৱাই কয় যে, "অসমীয়া ভাষা জীয়াই থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব। মই সকলোকে আহ্বান জনাম, প্ৰতি গৰাকী অসমীয়াই ভাষাটোৰ সুৰক্ষা, প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব আৰোপ কৰিব।"
Also Read: সাঁচি গছ চুৰি কৰি আৰক্ষী জালত চোৰ...