অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব কাজিৰঙাৰ গঁড় হত্যাকাৰীকঃ জিপি সিং

যোৱা ২২ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে নিধন কৰা দুটা গঁড়ৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত পুনৰ তৎপৰতা বৃদ্ধি পাইছে আৰক্ষী বিভাগৰ ৷

author-image
Asomiya Pratidin
New Update
অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব কাজিৰঙাৰ গঁড় হত্যাকাৰীকঃ জিপি সিং

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং৷ যোৱা ২২ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে নিধন কৰা দুটা গঁড়ৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত পুনৰ তৎপৰতা বৃদ্ধি পাইছে আৰক্ষী বিভাগৰ ৷

Advertisment

মঙলবাৰে কাজিৰঙাৰ শতবৰ্ষ উদযাপন কেন্দ্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগত এই সন্দৰ্ভত লগত আলোচনাত মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধান গৰাকী ৷ আলোচনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালিকা সোনালি ঘোষ , ডি এফ অ’ অৰুণ ভিগনেচৰ লগতে উচ্চ পদস্থ বন বিষয়া উপস্থিত থাকে ।

আলোচনাৰ পাছত জি পি সিঙে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে শেহতীয়া গঁড় হত্যাত জড়িত আন কেইবাজনো লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে যদিও তেওঁ লোক পলাতক অৱস্থাত আছে ৷অতি সোনকালে তেওঁলোকক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব ৷

লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ যিবোৰ স্থান এতিয়াও চোৰাং চিকাৰীৰ বাবে আহযাহৰ সুচল হৈ আছে সেইবোৰ স্থান চিনাক্ত কৰি বন বিভাগৰ সহযোগত কামাণ্ডো নিয়োগ কৰা হ’ব৷ তেওঁ মন্তব্য কৰে যে বাৰশ বৰ্গ কিলোমিটাৰ এলেকাৰ বিশাল ৰাষ্ট্ৰীয় উদ্যানখনত সকলো সময়তে চোৰাং চিকাৰীয়ে প্ৰৱেশৰ চেষ্টা অব্যাহত ৰখাৰ বিপৰীতে আৰক্ষী আৰু বনবিভাগে চোৰাং চিকাৰীক প্ৰতিহত কৰাৰ বাবে সষ্টম হৈ থাকিব ৷

তদুপৰি ব্ৰহ্মপুত্ৰত জপিয়াই পলায়ন কৰা কাজিৰঙাত গঁড় নিধন কাৰী চোৰাং চিকাৰীৰ সন্ধান চলাই থকা হৈছে বুলি তেওঁ মন্তব্য কৰে ৷ আনহাতে ৰেডিচন ব্লুৰ হত্যাকাণ্ড আৰু গুৱাহাটীত ক্ৰমবৰ্ধমান অপৰাধৰ সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷

Also Read: নতুন ৰূপত সজাই তোলা হ'ব ওদালগুৰি ৰেল ষ্টেচন

gp singh kaziranga national park