নতুন ৰূপত সজাই তোলা হ'ব ওদালগুৰি ৰেল ষ্টেচন

নতুন ৰূপত সজাই তোলা হ'ব ওদালগুৰি ৰেল ষ্টেচন

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰিৰ ৰেল যাত্ৰীসকলৰ বাবে আহিছে সুখবৰ। নতুন ৰূপত অত্যাধুনিক ৰেল ষ্টেচন লৈ পৰিণত হ'ব বৰ্তমানৰ ওদালগুৰি ৰেল ষ্টেচনটো। প্ৰায় ১৪.৩১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ৰেল ষ্টেচনটোৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।

উল্লেখ্য যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ-পূবৰ ৬০ টা ষ্টেচন অত্যাধুনিক সুবিধা/সুবিধাৰে পুনৰ উন্নয়নৰ লক্ষ্য হাতত লোৱা হৈছে। নিৰ্বাচিত ৰেল ষ্টেচনসমূহৰ ভিতৰত অসমৰ ওদালগুৰি ৰেল ষ্টেচনে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৪.৩১ কোটি টকা ব্যয়েৰে উন্নতমানৰ ৰেল ষ্টেচন লৈ পৰিণত হ'ব। এই ষ্টেচনৰ পুনৰ নিৰ্মাণৰ ফলত ওচৰৰ অঞ্চলসমূহৰ ৰেলৱে ব্যৱহাৰকাৰীসকলক আধুনিক অত্যাধুনিক সুবিধা প্ৰদান কৰা হ’ব বুলি ৰেল বিভাগে আশা প্ৰকাশ কৰিছে।

অসমৰ ওদালগুৰি ৰেল ষ্টেচনটো হৈছে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ ৰঙিয়া সংমণ্ডলৰ অন্তৰ্গত ৰঙিয়া-মুৰ্কংচেলেক অংশৰ এটা গুৰুত্বপূৰ্ণ ষ্টেচন। বৰ্তমানৰ ৰেল ষ্টেচন ভৱনটো যাত্ৰীসকলৰ সুবিধাৰ্থে অৱসৰ লোৱা কক্ষ আৰু শেহতীয়া সুবিধাসমূহৰ সৈতে অপেক্ষা কক্ষৰ দৰে সুবিধাৰে উন্নত মানৰ সুবিধাৰে সম্প্ৰসাৰিত কৰা হ’ব।

দিব্যাংগ অনুকূল ৰেম্প আৰু অন্যান্য আধুনিক সুবিধা যেনে দুখন লিফ্ট আৰু ৫ মিটাৰ বহল ফুট অভাৰ ব্ৰীজৰ সৈতে শৌচাগাৰৰ সুবিধাও প্ৰদান কৰা হ’ব। পুৰুষ আৰু মহিলা যাত্ৰীৰ বাবে পৃথকে পৃথকে নিৰ্মাণ কৰা হ’ব নতুন শৌচালয়। লগতে থাকিব অত্যাধুনিক বাহন ৰখোৱা স্থানৰ লগতে সৌন্দৰ্য বৰ্দ্ধিত বাবে ফুলনি। সকলো প্লেটফৰ্মতে যাত্ৰীসকলৰ আশ্ৰয়ৰ ব্যৱস্থা কৰা হ’ব আৰু যাত্ৰীসকলৰ বাবে সহজে চলাচল কৰিব পৰাকৈ মাৰ্বলৰ শিল, টাইলছ আদিৰে নতুনত্ব কৰা হ’ব। যাত্ৰীসকলৰ প্ৰৱেশৰ প্ৰস্থান পথ সুন্দৰকৈ পৃথকে নিৰ্মাণ কৰা হ’ব, যাৰ ফলত যাত্ৰীসকলৰ বাবে উন্নত সুলভতা প্ৰদান কৰা হ’ব।

ওপৰোক্ত সকলো কামৰ বাবে নিবিদা প্ৰদান কৰাৰ সমান্তৰালভাৱে আৰম্ভ হৈছে ভৱনৰ নিৰ্মাণ কাৰ্য। ইতিমধ্যে নতুন ষ্টেচন ভৱনৰ ভেটিৰ কামৰ সমান্তৰালভাৱে যাত্ৰীসকলৰ অন্যান্য সুবিধা যেনে কোচ গাইডেন্স ব’ৰ্ড স্থাপন, ৰে’লৰ তথ্য প্ৰদৰ্শন ব্যৱস্থা, প্লেটফৰ্ম সম্প্ৰসাৰণ, দিব্যাংজানৰ বাবে সহজলভ্য পানীৰ বুথৰ ব্যৱস্থা আদিৰ কামো চলি আছে।

এই ষ্টেচনটোৰ আধুনিকৰণৰ ফলত চহৰখনৰ লগতে সমীপৱৰ্তী অঞ্চলৰ যাত্ৰীসকলৰ বাবে নতুন কৰ্মসংস্থাপন, ব্যৱসায়িক সুযোগৰ নতুন পথৰ সৃষ্টি হোৱাৰ লগতে ভ্ৰমণৰ ক্ষেত্ৰত পূৰ্ৱৰ তুলনাত সহজতা লাভ কৰিব বুলি ৰেল বিভাগে আশা প্ৰকাশ কৰিছে।

বিষয়টো সন্দৰ্ভত স্থানীয় ৰাইজে আদৰণি জনাই কয় যে ওদালগুৰি সদৰৰ ৰেল ষ্টেচনটো উন্নতমানৰ অত্যাধুনিক হোৱাৰ খবৰে আমাক আনন্দিত কৰিছে। কিন্তু চহৰখনৰ মাজত থকা ৰেলৱে ক্ৰচিঙৰ বাবে চহৰখনৰ বাসিন্দাসকলে বছৰ বছৰ ধৰি যানজটৰ সমস্যাত ভুগি আছে। গতিকে ৰেল ষ্টেচনটো অত্যাধুনিক কৰাৰ সমান্তৰালভাৱে চহৰখনৰ মাজমজিয়াত যানজট নিয়ন্ত্ৰণৰ বাবে এখন উৰণীয়া সেতু স্থাপন কৰাৰ বাবে সকলো পক্ষকে ওদালগুৰিৱাসীয়ে দাবী জনাইছে।

নতুন ৰূপত সজাই তোলা হ'ব ওদালগুৰি ৰেল ষ্টেচন
লিভ-ইন সম্পৰ্ক কৰিব লাগিব পঞ্জীয়ন, বিচ্ছেদ হ'লে লাগিব কাৰণ, মহিলা যাব পাৰিব আদালতলৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in