ভদীয়া বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঃ মৃত্যুক আঁকোৱালিছে বন্যপ্ৰাণীয়ে

ভদীয়া বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঃ মৃত্যুক আঁকোৱালিছে বন্যপ্ৰাণীয়ে

author-image
Asomiya Pratidin
New Update
ভদীয়া বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঃ মৃত্যুক আঁকোৱালিছে বন্যপ্ৰাণীয়ে

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বছৰৰ দ্বিতীয়তো বান ৷ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমান্তৰালভাবে ভদীয়া বানে প্লাৱিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ দুটা দিনৰ ভিতৰতে জলমগ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪৭ শতাংশ এলেকা৷

Advertisment

ইতিমধ্যেই ৬৩টা বন শিবিৰৰ তলেৰে বাগৰিছে বান ৷ বন বিভাগৰ সূত্ৰ মতে এই পৰ্যন্ত মৃত্যু হৈছে ১১ টা বন্যপ্ৰাণীৰ ৷ ইয়াৰে হৰিণা ৬ টা, ম’হ ১ টা, অজগৰ এডাল আৰু স্বাভাৱিক ভাৱে মৃত্যু হোৱা গঁড়ৰ সংখ্যা ৩ টা ৷ অহা ২৪ ঘণ্টাৰ ভিতৰত পানী আৰু বৃদ্ধি হোৱা সম্ভাৱনা ব্যক্ত কৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

বানৰ পৰা পৰিত্ৰাণ পাবলৈ একাংশ জন্তুৱে ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰাৰ লগতে একাংশই আশ্ৰয় লৈছে ৰাষ্ট্ৰীয় পথৰ কাষত। আনহাতে বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু হৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ প্ৰয়োজন সাপেক্ষে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টাইম কাৰ্ড প্ৰৱৰ্তন কৰিব ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

Also Read: চীনৰ "ষ্টেণ্ডাৰড মেপ"ত অৰুণাচল

assam flood kaziranga national park