সেউজ প্ৰকৃতিৰ ৰং সলাই ফাগুন নামিছে ধৰালৈ

সেউজ প্ৰকৃতিৰ ৰং সলাই ফাগুন নামিছে ধৰালৈ

ডিজিটেল সংবাদ, কাজিৰঙাঃ আজি পহিলা ফাগুন ৷সেউজ প্ৰকৃতিৰ ৰং সলাই ফাগুন নামিছে ধৰালৈ ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা আৰু ফাগুনৰ আছে নিবিড় সম্পৰ্ক৷ ফাগুনে লঠঙা কৰা বিশালকাই বৃক্ষৰ মাজে মাজে তল সৰা পাত ৷

শুকাবলৈ লোৱা বননিৰ মাজত জিলিকি উঠিছে নল খাগৰি বিৰিণাৰ সেউজ ৰঙৰ বুল৷ ওখ ওখ ঘাঁহনিৰ মাজত শিমলুৰ ৰঙা পাহিৰ এইয়া এক প্ৰকাৰ অপূৰ্ব সমাহাৰ ৷ প্ৰকৃতাৰ্থত এয়াই কাজিৰঙাৰ ফাগুনৰ ৰং৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ বাবে বন্যপ্ৰাণীৰ ওপৰি কাজিৰঙাৰ ফাগুনৰ মনোমোহা ৰূপো হৈ পৰিছে অন্যতম আকৰ্ষন ৷

কাজিৰঙাৰ সেন্দূৰীয়া একা বেকা পথেৰে আগবঢ়া জীপচি গাড়ীত উঠি দেশী বিদেশী পৰ্যটকে উপভোগ কৰিছে কাজিৰঙাৰ অতুলনীয় সৌন্দৰ্য্যৰ আকৰ ৷আনকথাত এয়া কাজিৰঙাৰ অন্যতম বৈশিষ্ট ৷প্ৰতিটো ঋতু পৰিবৰ্তনৰ লগে লগে সলনি হোৱা প্ৰকৃতিৰ ৰঙে নতুন ৰূপত সজাই তোলে কাজিৰঙাক ৷

শীতৰ শেঁতা আভৰণ আতৰাই নতুন পোছাক পিন্ধোৱাৰ দুৰ্দান্ত হেপাহঁ ফাগুণৰ৷ চাৰিওফালে পলাশ ,শিমলু মদাৰৰ জুই ছটিয়াই দিয়ে ৷ ফাগুণে ৰঙীণ হৈ থাকি চাৰিওফালে ছটিয়াই দিয়ে ৰং,কেৱল ৰঙীণ সফুৰা ৷

এয়া পুহ মাঘৰ পাছত প্ৰকৃতিৰ অন্যতম সৃষ্টি ফাগুণ ৷ সময়ৰ গতিত লঠঙা হৈ পৰা গছবোৰেও আন এক মনোমোহা ৰূপ দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৷ উদ্যানখনৰ একাবেকা পথত শিমলুৱে মেলিছে পাহি। শুকাই যোৱা ইকৰা খাগৰিৰ মাজত ওখ ওখ শিমলুৱে মেলিছে ৰূপৰ পোহাৰ ৷

প্ৰকৃততে ফাগুনৰ পৰাই পৰা আৰম্ভ হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ ফুলৰ বতৰ ৷ফেব্ৰুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈকে বন্যপ্ৰাণীৰ বিচৰণৰ দৃশ্য উপভোগ কৰিবলৈ অহা পৰ্যটকে ফুলৰ বতৰত লাভ কৰে এক নতুন মাদকতা৷পলাশ,শিমলু,আজাৰ,কৃষ্ণচূড়া,ৰাধাচূড়াৰ ৰঙা হালধিয়া ,বেঙুনীয়া ৰঙৰ সংমিশ্ৰণে আকৰ্ষনীয় ৰূপ দিয়ে কাজিৰঙাক ৷

সেউজ প্ৰকৃতিৰ ৰং সলাই ফাগুন নামিছে ধৰালৈ
কৃষক আন্দোলনৰ মাজত ৰাহুল গেৰাণ্টিঃ বিজেপিৰ প্ৰশ্ন, কৃষকৰ উত্তৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in