কাজিৰঙাত যন্ত্ৰনাত ছটফটাইছে এটা হাতীয়ে

কাজিৰঙাত যন্ত্ৰনাত ছটফটাইছে এটা হাতীয়ে

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত যন্ত্ৰনাত ছটফটাইছে এটা হাতীয়ে

ডিজিটেল ডেস্কঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত এটা আঘাতপ্ৰাপ্ত মখনা হাতীয়ে যন্ত্ৰণাত চটফটাইছে । অন্য এটা মতা হাতীৰ সৈতে হোৱা পাৰস্পৰিক যুঁজত সোঁ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল এই হাতীটো।

Advertisment

বিগত প্ৰায় ছয়দিন ধৰি পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ দাঁতিকাষৰীয়া মেথনি চাহ বাগিচাৰ ৫ নম্বৰ লাইনত বাগিছাৰ এটা খালত আৰ্তনাদ কৰি আছে হাতীটোয়ে। বন বিভাগে এই ক্ষেত্ৰত যিদৰে হাতীটোৰ চিকিৎসা কৰিব লাগিছিল সেই চিকিৎসা প্ৰদান নকৰাত ক্ৰমাৎ জটিল হৈ পৰিছে হাতীটোৰ স্বাস্থ্য‌।

সোমবাৰে বিশিষ্ট হাতী বিশেষজ্ঞ তথা পদ্মশ্ৰী ডাঃ কে কে শৰ্মা আঘাটপ্ৰাপ্ত হাতীটোৰ কাষত উপস্থিত হৈ আহত হাতীটোৰ পৰিস্থিতিৰ বুজ ৷ হাতী বিশেষজ্ঞগৰাকীক সংগ দিয়ে কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ডঃ সোণালী ঘোষ আৰু বন বিভাগৰ লোকে ৷ ইতিমধ্যে হাতীটোৰ চিকিৎসা আৰম্ভ কৰিছে চিকিৎসকে ৷

Also Read: ৩০ মিনিটত ৩৩,৩১৫ চাকি জ্বলাই গঢ়িলে বিশ্ব ৰেকৰ্ড

kaziranga national park