কাজিৰঙাত ৩০ টা হাতীৰ লগত ব্যস্ত হৈ পৰিছে পশু চিকিৎসকৰ লগতে মাউত আৰু ঘাচী

উল্লেখযোগ্য যে এই হাতী সমূহৰ একাংশক ব্যৱহাৰ কৰা হয় পৰ্যটকৰ ছাফাৰীত আৰু আন সকলক নিয়োজিত কৰা হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰাপত্তাৰ কৰ্তব্যত ৷

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত ৩০ টা হাতীৰ লগত ব্যস্ত হৈ পৰিছে পশু চিকিৎসকৰ লগতে মাউত আৰু ঘাচী

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত থকা ৩০ টা হাতী একত্ৰিত কৰি ব্যস্ত হৈ পৰিল পশু চিকিৎসকৰ লগতে মাউত আৰু ঘাচী । মাউতৰ সহযোগত তন্নতন্নকৈ পৰীক্ষা কৰা হ’ল প্ৰতিটো হাতীক ৷ প্ৰদান কৰা হ’ল প্ৰয়োজনীয় প্ৰতিষেধক।উল্লেখযোগ্য যে এই হাতী সমূহৰ একাংশক ব্যৱহাৰ কৰা হয় পৰ্যটকৰ ছাফাৰীত আৰু আন সকলক নিয়োজিত কৰা হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰাপত্তাৰ কৰ্তব্যত ৷

Advertisment

গতিকে এই হাতী সমূহক নিৰোগী কৰি ৰাখিবলৈ প্ৰতি তিনিমাহৰ অন্তত হাতী সমূহৰ কৰা হয় স্বাস্থ্য পৰীক্ষা। তদুপৰি বাৰিষা অহাৰ লগে লগে সম্ভাব্য বানৰ পূৰ্বে হাতী সমূহক প্ৰতিষেধক প্ৰদান কৰাতো অতি প্ৰয়োজন বুলি প্ৰকাশ কৰিছে পশু চিকিৎসকে৷ চিকিৎসকৰ মতে কাজিৰঙাৰ পোহনীয়া হাতী সমূহৰ ভিতৰত প্ৰতিজনী মাইকী হাতীৰ একোটাকৈ পোৱালি থকাটো শুভ লক্ষণ ৷ ভাৰতবৰ্ষৰ আন ৰাজ্যৰ হাতীৰ ক্ষেত্ৰত সাধাৰণতে এইটো দেখিবলৈ পোৱা নাযায় ৷

Also Read: বজালীৰ কালদিয়া নৈত খনন বন্ধ কৰাৰ নিৰ্দেশ বন বিভাগৰ

kaziranga national park