বজালীৰ কালদিয়া নৈত খনন বন্ধ কৰাৰ নিৰ্দেশ বন বিভাগৰ

বজালীৰ কালদিয়া নৈত খনন বন্ধ কৰাৰ নিৰ্দেশ বন বিভাগৰ

ডিজিটেল সংবাদ, বজালীঃ অৱশেষত ৰাইজৰ অভিযোগক গুৰুত্ব দি অবৈধ খননথলীত উপস্থিত বন বিভাগ, জলসম্পদ বিভাগ, গডকাপ্তানী বিভাগৰ লগতে বজালী জিলা প্ৰশাসন।

বাৰিষাৰ সময়ত ৰুদ্ৰৰূপ ধাৰণ কৰি বজালীৰ বিভিন্ন স্থানত জলপ্ৰলয়ৰ সৃষ্টি কৰা কালদিয়া নৈৰ অবৈধ খনন চলি থকা কাৰ্যৰ বাতৰি কিছুদিন পূৰ্বে প্ৰচাৰ হৈছিল প্ৰতিদিন টাইমত।

উল্লেখ্য যে বিগত বৰ্ষত পাটাছাৰকুছিৰ সমীপত অবৈধ খনন চলোৱা স্থানৰ পৰাই কালদিয়া নৈৰ বাঢ়নী পানী ওলাই কুৱাৰা, সাওৰা, গোবিন্দপুৰ, বৰভালা, বৰবাং,আদি গাঁৱৰ সীমাহীন ক্ষতি কৰিছিল। বানৰ সময়তে ৰাইজে মাটি খনন কৰা ব্যক্তিসকলৰ ওপৰত ব্যবস্থা গ্ৰহন কৰাৰ বাবে দাবী জনাই অবৈধ খননৰ বিৰোধিতা কৰিছিল।

কিন্তু আচৰিত ভাৱে সেই স্থানতে পুনৰ বৰপেটা ৰোড বনাঞ্চলিক বিষয়া প্ৰশান্ত গগৈয়ে পলস খনন কৰাৰ বাবে নিৰ্দেশ জাৰি কৰাত বানত সৰ্বশ্ৰান্ত হোৱা ৰাইজে প্ৰশাসনৰ কাষ চাপে যদিও সহাৰি নোপোৱাত সংবাদ মাধ্যমৰ বিষয়টো দৃষ্টিগোচৰ কৰে।

উল্লেখ্য যে চৰকাৰী বৈধ অনুজ্ঞাপত্ৰৰ দোহাই দি খনন কাৰ্যত জড়িত সকলে কালদিয়া নৈৰ সোত সলনি কৰি ভয়াবহ ভাৱে নৈৰ পাৰ কাটি পেলোৱাত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে। ৰাইজে এই নৈৰ সোত সলনি কৰা বিষয়টি লৈ সংবাদমাধ্যমক অবগত কৰাত এতিয়া দিকবিদিক হেৰুৱাই অবৈধ খননত জড়িত সকলে সংবাদমাধ্যমৰ একাংশ লোককে কটু মন্তব্য কৰিছিল।

বিষয়টিক লৈ ৰাইজে বাৰাম্বাৰ প্ৰশাসনৰ ওচৰ চাপি নৈখন অবৈধ ভাবে কাটি পেলোৱাত ব্যৱস্থা গ্ৰহণ কৰাৰ অনুৰোধ কৰাত বুধবাৰে বনবিভাগ, জিলা প্ৰশাসন, জলসম্পদ বিভাগ আদি উপস্থিত হৈ খনন কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।

ইপিনে জলসম্পদ বিভাগ আৰু গড়কাপ্তানি বিভাগৰ কোনো ধৰণৰ অনুমতি নহোবাৰ পিছতো কিদৰে কাক মেনেজ কৰি পলস খনন চলি আছে সেয়া এতিয়া ৰাইজৰ মাজত কোটি টকীয়া প্ৰশ্ন। ৰেঞ্জাৰ প্ৰশান্ত গগৈয়ে বন্ধ কৰিব সক্ষম হ'বনে এই অবৈধ পলস খনন নে মেনেজ হৈয়ে চলাই থাকিব বজালীৰ অবৈধ পলস খনন।

বজালীৰ কালদিয়া নৈত খনন বন্ধ কৰাৰ নিৰ্দেশ বন বিভাগৰ
মঙলদৈত অবৈধ নদী খনন! চকু মুদা কুলিৰ ভাও বিভাগীয় কৰ্তৃপক্ষৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in