মৃত্যুৰ ওচৰত হাৰ মানিলে দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰি অনা হাতী পোৱালীটোৱে...

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে যোৱা জুলাই মাহত ওদালগুৰিৰ বগাপানীৰ পৰা উদ্ধাৰ কৰি কাজিৰঙালৈ অনা হাতী পোৱালিটোৱে ৷

author-image
Asomiya Pratidin
New Update
মৃত্যুৰ ওচৰত হাৰ মানিলে দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰি অনা হাতী পোৱালীটোৱে...

ডিজিটেল সংবাদ, কাজিৰঙাঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে যোৱা জুলাই মাহত ওদালগুৰিৰ বগাপানীৰ পৰা উদ্ধাৰ কৰি কাজিৰঙালৈ অনা হাতী পোৱালিটোৱে ৷ বন্যহস্তীৰ জাকৰ লগত বগাপানীৰ এক দুৰ্গম অঞ্চলত বিচৰণ কৰি থকা অৱস্থাত এটা খাৱৈত পৰি গৈছিল প্ৰায় দুবছৰীয়া হাতী পোৱালিটো ৷

Advertisment

খাৱৈত পৰি যোৱা পোৱালিটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি বিফল হোৱা হাতীৰ জাকটোৱে এৰি থৈ যায় পোৱালিটোক ৷ পাছত স্থানীয় লোকৰ খবৰৰ ভিত্তিত বন বিভাগৰ সহযোগত কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীয়ে পোৱালিটো উদ্ধাৰ কৰি লৈ আহে কেন্দ্ৰলৈ ৷

কেন্দ্ৰটোত চিকিৎসা আৰু পৰিচৰ্যাৰ মাজত ক্ৰমে সুস্থ সবল হৈ পৰা পোৱালিটো কিছুদিনৰ পাছত পুনৰ হৈ পৰে অসুস্থ ৷ দুৰ্ভাগ্যজনক ভাৱে চিকিৎসক আৰু কৰ্মচাৰীৰ আপ্ৰাণ চেষ্টাৰ মাজত চিকিৎসাধীন অৱস্থাতে মৃত্যু মুখত পৰে পোৱালিটো ৷ কেন্দ্ৰটোৰ চিকিৎসক চামছুল আলিৰ মতে মাৰাত্মক হাৰপেজ ৰোগত আক্ৰান্ত হৈছিল পোৱালিটো৷

যিটো ৰোগত আক্ৰান্ত হোৱা নবৈ শতাংশ হাতীৰেই মৃত্যু হয় । অৱশ্যে ইয়াৰ মাজতো ৰোগ প্ৰতিৰোধী ক্ষমতা সম্পন্ন হাতীক চিকিৎসাৰ দ্বাৰা সুস্থ কৰিব পৰা গৈছে ৷ কিন্তু এই ৰোগত আক্ৰান্ত বনৰীয়া বা ঘৰচীয়া হাতীৰ মৃত্যুৰ সংখ্যা কম নহয় ৷ ইয়াৰ বাবে বহু পৰীক্ষা-নিৰীক্ষা চলাই থকা হৈছে যদিও বৰ্তমানলৈকে এই ৰোগৰ উন্নত চিকিৎসা উদ্ভাৱন হোৱা নাই ৷

Also Read: বিশিষ্ট বিজ্ঞানী ড০ প্ৰণৱজ্যোতি চেতিয়া আৰু নাই...

kaziranga national park