সু-খবৰঃ প্ৰকৃতিপ্ৰেমীৰ বাবে ন-ৰূপত "কাজিৰঙা ডিস্কভাৰী পাৰ্ক"

সু-খবৰঃ প্ৰকৃতিপ্ৰেমীৰ বাবে ন-ৰূপত "কাজিৰঙা ডিস্কভাৰী পাৰ্ক"

ডিজিটেল সংবাদ, কাজিৰঙাঃ ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীসকলৰ এটা বাবে ভাল খবৰ ৷ অতি সোনকালে প্ৰকৃতিপ্ৰেমীসকলে উপভোগ কৰিব পাৰিব কাজিৰঙা ডিস্কভাৰী পাৰ্ক ৷ ডিজিটেল মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰতিফলিত কৰাৰ এক নতুন প্ৰকল্পৰ কাম দ্ৰুত গতিত চলিছে কাজিৰঙাত ৷

শীঘ্ৰেই দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ব পাৰ্কখন ৷ বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ যৌথ উদ্যোগত কাজিৰঙাৰ পানবাৰীত নিৰ্মাণ কাৰ্য অব্যাহত আছে "কাজিৰঙা ডিস্ক’ভাৰি পাৰ্ক"ৰ। ইতিমধ্যে পাৰ্কখনৰ ৪০ শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সমিপতে নিৰ্মাণৰত এই প্ৰকল্পত উপলব্ধ হ’ব হাতী, কাজিৰঙা আৰু বন্যপ্ৰাণী উদ্ধাৰ লগতে পুনৰ সংস্থাপন বিষয়ক তিনিটা ডিজিটেল মাধ্যম ৷

বিশেষভাবে প্ৰতিবছৰে এপ্ৰিল মে' মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হোৱাৰ পাছত যি সকল পৰ্যটক কাজিৰঙালৈ আহে বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ পাছত যি সকলে তথ্য সহকাৰে অধিক জানিব বিচাৰে সেই সকলৰ বাবে প্ৰকল্পটোৱে সহযোগিতা আগবঢ়াব ৷ আনহাতে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন বহু লোকৰ বাবে কৌতুহলৰ কাৰণ ৷ সেই বিষয়ৰ প্ৰতি দৃষ্টি ৰাখি এই বিষটোও সাঙুৰি লোৱা হৈছে।

কেন্দ্ৰটোত চিকিৎসা বা লালন পালন কৰা বন্যপানী স্বচক্ষে চোৱাৰ হেঁপাহ থাকে সকলোৰে ৷ কিন্তু এই সুবিধা প্ৰদান কৰাত বাধা থাকে ৷ গতিকে এই সকল লোকক চিচি টিভিৰ যোগেদি সমগ্ৰ দৃশ্য দেখুৱাব পৰাকৈ নিৰ্মাণ কৰা হ’ব তৃতীয়টো গৃহ ৷ এই প্ৰকল্পটোৰ যোগেদি শিক্ষাৰ্থীসকল বিশেষভাবে উপকৃত হ’ব বুলি প্ৰকাশ কৰিছে চি ডব্লিউ আৰ চিৰ বিষয়ববীয়াই ৷

সু-খবৰঃ প্ৰকৃতিপ্ৰেমীৰ বাবে ন-ৰূপত "কাজিৰঙা ডিস্কভাৰী পাৰ্ক"
চাকৰি বেচা-কিনাৰ অভিযোগত গ্ৰেপ্তাৰ সদ্য বহিস্কৃত বিজেপি নেত্ৰী তৃষ্ণ শৰ্মা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in