বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ কদৰ্যময় ৰূপ...

মূল পথতে নজ্বলে লাইট
বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ কদৰ্যময় ৰূপ...

ডিজিটেল সংবাদ, কাজিৰঙা : ১৯৮৫ চনতে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। কিন্তু আজিলৈ কাজিৰঙাত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মানৰ আন্ত:গাথনি গঢ়ি নুঠিল। কাজিৰঙালৈ প্ৰতি বছৰে আগমন ঘটে দেশী বিদেশী পৰ্যটকৰ। কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি অনন্য মাদকতা লাভ কৰে পৰ্যটকসকলে।কাজিৰঙাৰ পৰিবেশে স্বাভাৱিকতে মন প্ৰাণ ভৰাই তোলে পৰ্যটকসকলৰ।

কিন্তু তাৰ মাজতে কাজিৰঙাৰ আন এটা পৰিবেশে নিৰাশ তথা নেতিবাচক প্ৰভাৱ পেলায় পৰ্যটকসকলৰ মনত। পৰ্যটকসকলে এই ছবি দেখি লেতেৰা, কদৰ্যময় কাজিৰঙাৰ পৰিচয় এটাহে যেন মনত লৈ যায়। কাজিৰঙা মূল প্ৰাণকেন্দ্ৰ কহঁৰাৰ লেতেৰা কদৰ্মময় পৰিবেশে বাৰুকৈয়ে লজ্জানত কৰে কাজিৰঙাৰ সচেতন ৰাইজক।

কেৱল ইমানেই নহয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চেন্ট্ৰেল ৰেঞ্জ কহঁৰাৰ প্ৰৱেশদ্বাৰ মিহিমুখতো পেলনীয়া প্লাষ্টিকৰ আৱৰ্জনাই সৃষ্টি কৰিছে প্ৰদূষণৰ। এই পেলনীয়া প্লাষ্টিকসমূহ বাৰিষা উদ্যানৰ অন্তৰ্ভাগলৈ প্ৰৱেশ কৰে যি এক ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰিছে কাজিৰঙাৰ জৈৱ বৈচিত্ৰৰ প্ৰতি। আনহাতে কাজিৰঙাৰ কহঁৰাত আছে পৰ্যটন বিভাগ,বনবিভাগ,আৰক্ষী বিভাগৰ অতিথিশালাৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যালয় কিন্তু কহঁৰাৰ পৰা এই কাৰ্যালয় বা অতিথিশালাসমূহলৈ যোৱা পৰ্যটন পথটোত সন্ধিয়া হলেই অন্ধকাৰময় পৰিবেশৰ সৃষ্টি হয়। বিদেশী পৰ্যটকে মোবাইলৰ লাইট জ্বলাই পথটোৰে অহা যোৱা কৰিবলগীয়া হয়।

পথটোত ষ্ট্ৰীট লাইট আছে যদিও স্থানীয় ৰাইজৰ অভিযোগ মতে ভিআইপি, ভিভিআইপি আহিলেহে জ্বলে এই লাইটসমূহ।ইপিনে অঞ্চলটোত পহু,গাহৰি, নাহৰফুটুকীয়ে বিচৰণ কৰে এনেক্ষেত্ৰত আন্ধাৰত সেই বন্যপ্ৰাণীসমূহে আক্ৰমণৰ লক্ষ্য কৰি লব পাৰে পৰ্যটকসকলক। সেয়েহে ৰাইজৰ দাবী পথটোত শীঘ্ৰে লাইটৰ ব্যৱস্থা কৰা। অন্যহাতে কহঁৰাত নাই পৰ্যটকৰ বাবে কোনো অনাময় ব্যৱস্থা। যি কেইটা অনাময়গৃহ আছে সেইকেইটাও কেৱল নামতহে আছে। মুঠতে স্থানীয় প্ৰশাসনৰ ভুমিকাক সমালোচনা স্থানীয় ৰাইজৰ। এই সন্দৰ্ভত যথোচিত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in