মুখ্যমন্ত্ৰীৰ যদি সামান্যতম লাজ আছে গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক: অখিল গগৈ

বাল্য বিবাহক লৈ ৰাজ্যত সৃষ্টি হৈছে ধুমুহা৷ একে সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হোৱা ভয়ংকৰ তথ্যৰ পিছত চৰকাৰক ভৎসনা সৰ্বত্ৰে ৷
Akhil Gogoi suspended from Assam assembly
Akhil Gogoi suspended from Assam assembly

ডিজিটেল সংবাদ, কাজিৰঙা: বাল্য বিবাহক লৈ ৰাজ্যত সৃষ্টি হৈছে ধুমুহা৷ একে সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হোৱা ভয়ংকৰ তথ্যৰ পিছত চৰকাৰক ভৎসনা সৰ্বত্ৰে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৃহমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ দাবী ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ৷ কাজিৰঙাত উপস্থিত হৈ অখিল গগৈয়ে কয় যে বাল্যবিবাহ নিষিদ্ধকৰণ সম্পৰ্কীয় ২০০৬ চনৰ আইন অনুসৰি বিবাহ হোৱাৰ দুবছৰৰ ভিতৰত যদি কোনোবাই গোচৰ তৰে সেইয়াহে বাল্যবিবাহ ৷

দুবছৰ অতিক্ৰম হোৱাৰ পাছত সেই বিবাহ নিয়মীয়া বিবাহ ৰূপে পৰিগণিত হয় ৷ দুবছৰৰ পাছত একছ্যন লোৱাটো আইনসন্মত নহয় ৷লগতে কয় যে চৰকাৰে কেৱল চমক দিবৰ বাবে এই কাম কৰিছে৷ POCSO আইন লগোৱাটো সম্পুৰ্ণ অৰ্থহীন,প্ৰহসন ৷অসম চৰকাৰে বাল্যবিবাহৰ ক্ষিত্ৰত ভয় বা সন্ত্ৰাসিত কৰি সম্পুৰ্ণ বিফল হৈছে ৷

ভুল পথেৰে যোৱাৰ বাবেই ন্যায়ালয়,বুদ্ধিজীৱী সমাজ,বিৰোধী পক্ষৰ সমালোচনাৰ সন্মুখীন হৈছে অসম চৰকাৰ ৷বাৰে বাৰে সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত মুখ্যমন্ত্ৰীজনে ৰাজহুৱা ক্ষমা খোজা উচিত ৷ মুখ্যমন্ত্ৰীৰ নাকত সামান্যতম লাজ থকাহলে তেখেতে গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰিলেহেতেন বুলি মন্তব্য প্ৰকাশ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷

আৰু পঢ়ক: সুন্দৰী যুৱতীয়ে কৰি আহিছিল প্ৰৱঞ্চনা! অৱশেষত পৰিল আৰক্ষীৰ জালত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in