দুই শতাধিক অস্থায়ী বনকৰ্মীৰ আগ্নেয়াস্ত্ৰ উভতাই ল'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় দুই শতাধিক অস্থায়ী বনকৰ্মীৰ আগ্নেয়াস্ত্ৰ উভতাই ল'লে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই

author-image
Asomiya Pratidin
New Update
দুই শতাধিক অস্থায়ী বনকৰ্মীৰ আগ্নেয়াস্ত্ৰ উভতাই ল'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় দুই শতাধিক অস্থায়ী বনকৰ্মীৰ আগ্নেয়াস্ত্ৰ উভতাই ল'লে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ইয়াৰ পিছতেই এতিয়া নিৰাপত্তাহীনতাত ভুগিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাত সদা সষ্টম অস্থায়ী বনকৰ্মীসকল।

Advertisment

উল্লেখ্য যে বিভিন্ন প্ৰজাতিৰ বন্যজীৱৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ফ্ৰন্টলাইন সুৰক্ষাকৰ্মী হিচাপে নিষ্ঠা সহকাৰে গধুৰ দায়িত্ব আৰু কৰ্তব্য কৰি থকা বনকৰ্মীসকলৰ আগ্নেয়াস্ত্ৰ একপ্ৰকাৰ কাঢ়ি লোৱাত এতিয়া গভীৰ সমস্যাত পৰিছে বনকৰ্মীসকল।

তথ্য অনুসৰি ৰাজ্যৰ অতিৰিক্ত মুখ্য বন সংৰক্ষক পি জে বিজয়াকৰে দিয়া এক নিৰ্দেশনা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অস্থায়ী বনকৰ্মীৰ আগ্নেয়াস্ত্ৰসমূহ উদ্যান কৰ্তৃপক্ষই জমা লয়।নিৰ্দেশনা অনুসৰি যিসকল চৰকাৰী চাকৰিয়াল তথা চৰকাৰি নীতি নিৰ্দেশনাত পৰে তেওলোকেহে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিব পাৰিব।

এই নিৰ্দেশনা ৰাজ্যৰ সকলো অস্থায়ী বনকৰ্মীৰ বাবে জাৰি কৰা হৈছে।কিন্তু কাজিৰঙাৰ ক্ষেত্ৰত এই নিৰ্দেশনাৰ কিছু জটিলতা আছে কিয়নো বন্যপ্ৰাণীৰে ভৰি থকা অৰণ্যত পদে পদে আছে বিপদ, শংকা আৰু প্ৰত্যাহবান‌। এনে পৰিস্থিতিত আগ্নেয়াস্ত্ৰ অবিহনে দায়িত্ব কেনেকৈ পালন কৰিব অস্থায়ী বনকৰ্মীসকলে তাকে লৈ প্ৰশ্নৰ উদ্ৰেক হৈছে।এই সিদ্ধান্তক সমালোচনা কৰিছে স্থানীয় দল-সংগঠনৰ প্ৰতিনিধিয়ে।

Also Read: মাইক্ৰ'ফাইনেন্সৰ ঋণ লৈ ৰবি শস্যৰ পথাৰত নামিছে বোকাখাতৰ কৃষক