মাইক্ৰ'ফাইনেন্সৰ ঋণ লৈ ৰবি শস্যৰ পথাৰত নামিছে বোকাখাতৰ কৃষক

মাইক্ৰ'ফাইনেন্সৰ ঋণ লৈ ৰবি শস্যৰ পথাৰত নামিছে বোকাখাতৰ কৃষক

ডিজিটেল সংবাদ, বোকাখাতঃ ৰাজ্যখনৰ অন্যান্য ঠাইৰ দৰেই কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ কৃষকৰো এতিয়া ব্যস্ততা বাঢ়িছে ৰবি শস্যৰ পথাৰত। কিন্তু মন্ত্ৰী গৰাকীৰ গৃহ সমষ্টিৰ কৃষক প্ৰকৃততে তেখেতৰ কৃষি সমন্ধীয় কাম কাজক লৈ সন্তুষ্টনে?

"পৰম্পৰাগত ভাবে খেতি কৰি আছো,আগতে দেউতাই কৰিছিল এতি‌য়া মই কৰি আছোঁ। কিন্তু কৃষি মন্ত্ৰী আৰু আমাৰ বোকাখাতৰ বিধায়ক অতুল বৰাই দুটাকৈ কাৰ্যকালত বোকাখাতৰ কৃষকৰ কাৰনে একো কৰা নাই। উন্নতি হৈছে মাত্ৰ তেওঁৰ পাছত ঘুৰি ফুৰা কেইজনমান কৃষকৰহে। "এই মন্তব্য শালি খেতি আৰু বাম (ৰবি শস্য)খেতি কৰি থকা কুৰুৱাবাহীৰ চিনাকান আদৰ্শ গাঁওৰ এজন যুৱ খেতিয়কৰ।

"আমাৰ ল'ৰাবোৰে খেতি কৰিবলৈ এৰি মিস্ত্ৰী হৈছে, নুমলীগঁড় ৰিফাইনেৰীত কোম্পানীৰ তলত কাম কৰাতো সঁচা কথা, নহ'লে উপায় নাই। কাৰণ খেতি কৰি স্বাৱলম্বী হ'ব পৰাকৈ আমাৰ বিধায়কজনৰ কোনো বিজ্ঞানসন্মত আঁচনি নাই"- আন এজন যুৱ খেতিয়কৰ মন্তব্য।

এনেদৰেই এতিয়া হতাশ কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাত কুৰুৱাবাহীৰ কৃষক। বান অধ্যুষিত কুৰুৱাবাহীৰ কৃষক বৰ্তমান ব্যস্ত ৰবি শস্যৰ পথাৰত।কিন্ত প্ৰতি বছৰে বানপানীয়ে জুৰুলা কৰাৰ পাছত বিস্তাৰিত ভাবে ৰবি শস্যৰ খেতি কৰিবলৈ যিদৰে এজন কৃষি মন্ত্ৰীয়ে সমষ্টিৰ কৃষকক উৎসাহিত কৰিব লাগিছিল তেনেধৰণৰ কোনো আঁচনি মন্ত্ৰী গৰাকীৰ পৰা লাভ নকৰাৰ অভিযোগ আনিলে এইসকল কৃষকে। তাৰ পৰিবৰ্তে ব্যক্তিগত ভাৱে গাঁঠিৰ ধন ভাঙি বীজ,সাৰ আদি ক্ৰয় কৰি ৰবি শস্যৰ পথাৰত নামিছে অঞ্চলটোৰ অধিকাংশ কৃষক। আনকি শস্যৰ বীমা সম্বন্ধেও অধিক নাজানে এইসকল কৃষকে।

"যোৱাবছৰ আমাৰ বন্ধাকবি,সৰিয়হ,তুলাও আদি শিলাবৃষ্টিত সমুলঞ্চে ধ্বংস হৈছিল তেতিয়া বীমাৰ কথা বাদেই সাধাৰন ক্ষতিপুৰণো আমি লাভ নকৰিলোঁ"- কুৰুৱাবাহী ৰঙাগৰা গাঁৱৰ এজন খেতিয়কৰ মন্তব্য।

উল্লেখযোগ্য যে বৃহত্তৰ কুৰুৱাবাহীৰ চিনাকান,ৰঙাগৰা,ধনশিৰি চাপৰি আদি অঞ্চলৰ ৰবি শস্যৰ অধিকাংশ কৃষক প্ৰতি বছৰে ৰবি শস্যৰ খেতি কৰি আহিছে যদিও বোকাখাত স্থিত কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা বিশেষ উপকৃত নোহোৱাৰ কথা প্ৰকাশ কৰিলে এই প্ৰতিবেদকৰ সন্মুখত। আনকি ৰবি শস্যৰ যি সামান্য বীজ,সাৰ আদি কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা যোগান ধৰা হয় তাতো ব্যাপক স্বজনতোষনৰ অভিযোগ আছে এইসকল কৃষকৰ।

বোকাখাতৰ কৃষি বিষয়াৰ কাৰ্যালয়ত বীজ আদি দিয়াৰ সময়ত ৰাজনীতি হয়, কোন কোন কৃষকে সাহায্য লাভ কৰিব সেই তালিকা অফিচাৰক তৈয়াৰ কৰি দিয়ে মন্ত্ৰী অতুল বৰাৰ কেইজনমান ঘনিষ্ঠ সহযোগীয়ে গতিকে শাসকীয় দলৰ লগত সকলেহে সাহায্য পোৱাৰ ক্ষেত্ৰত আগভাগ পায়, বহু প্ৰকৃত কৃষক সুবিধা লাভৰ পৰা বঞ্চিত হৈয়েই থাকিব লগীয়া হোৱাৰ অভিযোগ আনিলে ধনশিৰি চাপৰিৰ এজন জেষ্ঠ কৃষকে।

ইফালে দুটাকৈ কাৰ্যকালত বোকাখাতৰ কৃষি পথাৰ সমুহৰ সকলো সময়তে জলসিঞ্চনৰ ব্যৱস্থাৰ ক্ষেত্ৰত কৃষি মন্ত্ৰী অতুল বৰাই কোনো কাৰ্যকৰী পদক্ষেপ হাতত নোলোৱা সন্দৰ্ভত চিনাকান, ৰঙাগৰা আদি গাঁৱৰ কৃষকে তীব্ৰ সমালোচনা কৰে মন্ত্ৰী অতুল বৰাক। তেওঁলোকে কয় -" কৃষি মন্ত্ৰী হ'ব পৰাকৈ আচলতে অতুল বৰাৰ যোগ্যতা নাই, উন্নয়নৰ কথা ক'বলৈ গৈ আচলতে দুটাকৈ কাৰ্যকালত তেওঁ কৃষকক চাৰ্কাছহে দেখুৱাই আছে আৰু আমাৰ মানুহে বিনা প্ৰতিবাদে চাই আছে। যদি জলসিঞ্চনৰ ব্যবস্থা থাকিল হেঁতেন তেতিয়া কৃষকে 'গোট'ৰ পৰা টকা লৈ খেতিত পানী দিবলগীয়া নহ'লহেতেন"।

উল্লেখযোগ্য যে বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ ৰবি শস্যৰ কৃষকসকলে বহুতেই আগতীয়াকৈ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ লৈ পথাৰত নমাৰ ভয়ংকৰ তথ্য জানিবলৈ দিয়ে এই প্ৰতিবেদকৰ আগত। অৰ্থাৎ অনাগত কৃষিবৰ্ষত যদি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হয় তেনে এইসকল কৃষকে মে সৰ্বস্ৰান্ত হ'ব সে‌য়া নিশ্চিত।

এয়াই দুটাকৈ কাৰ্যকাল বোকাখাতত দখলৰ কৰি কৃষি মন্ত্ৰী হোৱা অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ কৃষি উন্নয়নৰ প্ৰকৃত ছবি। অধিকাংশ কৃষকেই মন্ত্ৰী অতুল বৰাৰ কাম কাজকলৈ মুঠেও সন্তুষ্ট নহয়। তথাপিও কোনসকল কৃষক লৈ মন্ত্ৰী গৰাকীয়ে কৃষি পথাৰৰ জয়গান গাই বোকাখাত বিধানসভা সমষ্টিৰ কৃষকৰ বাবে ই এক বিৰাট সাথৰ।

মাইক্ৰ'ফাইনেন্সৰ ঋণ লৈ ৰবি শস্যৰ পথাৰত নামিছে বোকাখাতৰ কৃষক
পত্নী-সন্তানৰ সৈতে মিলি ৭৩ বছৰীয়া মাতৃক মাৰপিট অধিবক্তা পুত্ৰৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in